হল ভদ্রবাহু আৰু তেওঁ আহিল চন্দ্রগুপ্তৰ গুৰু। এই নিৰুক্তিৰ প্ৰথমতে জাতিভেদ সম্বন্ধে উল্লেখ কৰা কথাবােৰৰ সাৰাংশ হল এই—
চাৰিটা বৰ্ণৰ সংযােগৰ পৰা ষোলটা বৰ্ণৰ উৎপত্তি হয়। ব্রাহ্মণ পুৰুষ আৰু ক্ষত্ৰিয় তিৰােতাৰ সম্বন্ধৰ পৰা প্ৰধান ক্ষত্রিয় বা সংকৰ ক্ষত্রিয় উৎপন্ন হয়। ক্ষত্রিযৰ পুৰুষ আৰু বৈশ্য তিৰােতাৰ সম্বন্ধৰ দ্বাৰা প্রধান বৈশ্য বা সংকৰ বৈশ্য উৎপন্ন হয়। বৈশ্য পুৰুষ আৰু শূদ্ৰ তিৰােতাৰ সম্বন্ধৰ ফলত প্রধান শূদ্র বা সংকৰ পুত্ৰ উৎপন্ন হয়। এইদৰে সাত বৰ্ণৰ সৃষ্টি হয়। এতিয়া ই হল নৱ বর্ণান্তৰ—(১) ব্রাহ্মণ পুৰুষ আৰু বৈশ্য তিৰােতাৰ পৰা অম্বষ্ঠ, (২) ক্ষত্রিয় পুৰুষ আৰু শূদ্ৰ তিৰােতাৰ পৰা উগ্র, (৩) ব্রাহ্মণ পুৰুষ আৰু শূদ্ৰ তিৰােতাৰ পৰা নিষাদ, (৪) শূদ্ৰ পুৰুষ আৰু ক্ষত্রিয় তিৰােতাৰ পৰা অযােগৱ, (৫) বৈশ্য পুৰুষ আৰু ক্ষত্রিয় তিৰােতাৰ পৰা মাগধ, (৬) ক্ষত্রিয় পুৰুষ আৰু ব্ৰাহ্মণ তিৰােতাৰ পৰা সূত, (৭) শূদ্ৰ পুৰুষ আৰু ক্ষত্রিয়
তিৰােতাৰ পৰা ক্ষতা (৮) বৈশ্য পুৰুষ আৰু ব্ৰাহ্মণ তিৰােতাৰ পৰা ৱৈদেহ (৯) শূদ্র পুৰুষ আৰু ব্ৰাহ্মণ তিৰােতাৰ পৰা চাণ্ডাল••••••উৎপন্ন হয়।[১]
আজিকালিৰ মনুস্মৃতি এই নিযুক্তিৰ তুলনাত ভালেখিনি আধুনিক, তথাপি এনেদৰে অনুমান কৰিলে আপত্তি নহব যে এই নিযুক্তিৰ সমসাময়িক ব্রাহ্মণ সকলে মনুস্মৃতিত নির্দ্দিষ্ট অনুলােম-প্ৰতিলােপ জাতিবােৰৰ উৎপত্তি এইদৰে ব্যাখ্যা কৰাৰ চেষ্টা চলাইছিল। জৈন সকলে এই উৎপত্তিৰ ব্যাখ্যা ব্রাহ্মণ সকলৰ পৰা লােৱা বুলিও দৃঢ় সন্দেহ হয়। সি যিয়েই নহওক নিৰ্গ্ৰন্থ শ্ৰমণ সকলে জাতিভেদ স্বীকাৰ কৰি লােৱাৰ ই এটা ভাল প্রমাণ।
- ↑ আচাৰাঙ্গৰ্নিযুক্তি, অধ্যায় ১, গাথা ২১ৰ পৰা ২৭ লৈ