ভাই-ভনী, পতি, মহাপুৰুষ আদিয়ে ৰখা তিৰোতাৰ লগত সম্বন্ধ নাৰাখে। এইদৰে কায়াৰে বিবিধ ধৰ্ম্মাচৰণ হয়।
‘আৰু সজ্জনসকল, বাণীৰে হব পৰা চাৰি প্ৰকাৰৰ ধৰ্ম্মাচৰণনো কি কি? যি লোকে মিছা কোৱাটো সম্পূৰ্ণভাৱে এৰি দিয়ে; সভা, পৰিষদ অথবা ৰাজ-দৰবাৰত যদি তেওঁৰ সাক্ষী লোৱা হয় তেন্তে তেওঁ যি কথা নাজানে তাক তেওঁ নাজানে বুলি কয় আৰু যি তেওঁ দেখা নাই তাক তেওঁ দেখা নাই বুলি কয়। এইদৰে নিজৰ বাবে, আনৰ বাবে বা অলপ অচৰপ লাভৰ বাবে তেওঁ মিছা কথা নকয, অ’ৰ কথা ত’ত লগোৱাটো পৰিহাৰ কৰে। তাৰ আৰু ইয়াৰ মাজত বিৰোধ সৃষ্টি কৰাৰ অভিপ্ৰায়েৰে ইয়াৰ কথা শুনি তাৰ আগত নলগায়গৈ আৰু তাৰ কথাও ইয়াৰ আগত নকয়হি। বৰং যি সকলৰ মাজত একতা আছে তেওঁলোকক আৰু উৎসাহহে দিয়ে। একতা থকা দেখিলে তেওঁ আনন্দ পায় আৰু যাৰ দ্বাৰা একতা স্থাপিত হব পাৰে তেওঁ তেনে কথাহে কয। তেওঁ গালি-শপনি নিদিযে। তেওঁ সৰল, পোনপটীয়া, শ্ৰুতিমধুৰ, হৃদয়ঙ্গম, নাগৰিকৰ পক্ষে শোভনীয় আৰু বহুজনপ্ৰিয ভাষণ দিয়ে। তেওঁ অনৰ্থক নবলকে। তেওঁ প্ৰসঙ্গ অনুসৰি তথ্যপূৰ্ণ, অৰ্থযুক্ত, ধাৰ্মিক, শিষ্টাচাৰসম্মত আৰু ধ্যান দিবলগীয়া, সময়োচিত, সকাৰণ, সপ্ৰমাণ আৰু অৰ্থপূৰ্ণ ভাষণ কৰে। এইদৰে বাক্যৰ দ্বাৰা চাৰিবিধ ধৰ্মৰ আচৰণ হয়।
‘আৰু, সজ্জনসকল, তিনি প্ৰকাৰৰ মানসিক ধৰ্ম্মাচৰণনো কি কি? যি মানুহে পৰৰ বস্তুৰ প্ৰতি লোভ নাৰাখে, পৰৰ সম্পত্তি মই ব্যৱহাৰ কৰোঁ বুলি মনত কল্পনাকো ঠাই নিদিয়ে, তেওঁৰ চিত্ত দ্বেষমুক্ত হয়, তেওঁৰ এই শুদ্ধ সংকল্প হয় যে এই সকলোবোৰ প্ৰাণী বৈৰীহীন, বাধাহীন, দুঃখৰহিত আৰু সুখী হওক। তেওঁৰ সম্যক দৃষ্টি হয়। দান ধৰ্ম্ম হয়, সুকৃত-দুস্কৃত কৰ্ম্মৰ ফল হয়। ইহলোক-পৰলোক আদি
১৪