দিছে যে ইয়াৰ সপ্তম উপদেশ ‘মজ্ ঝিম নিকায়’ৰ ৰাহুলোবাদ সুত্তই (সং ৬১)। অধ্যাপক ৰিচ্ ডেৱিড্ চেও শেষৰ উপদেশ সম্বন্ধে তথ্যাদি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। কিন্তু 'সুত্তনিপাত'ৰ মুনিসুত্তৰ বাহিৰে তেওঁ উল্লেখ কৰা আন আটাইবোৰ সুত্তই ভুল। ২, ৩, ৫ আৰু ৬ সংখ্যক সুত্ত সম্বন্ধে মই ১৯১২ চনৰ ফেব্ৰুৱাৰী মাহৰ 'ইণ্ডিয়ান এন্টিকোৱেৰী’ পত্ৰিকাত ফহিয়াই আলোচনা কৰিছোঁ, তাত আঙুলিয়াই দিয়া সূত্ৰবোৰ এতিয়া সকলোৱে গ্ৰহণ কৰিছে। মাথোন তেতিয়া মই প্ৰথম সুত্তৰ কথা গম পোৱা নাছিলোঁ। ‘ৱিনযসমুকসে’ (বিনয়সমুৎকৰ্ষ) সম্পৰ্কীয় ৱিনয়-গ্ৰন্থত এই সম্বন্ধে কিবা নহয় কিবা উল্লেখ পোৱা যাব বুলি মোৰ ধাৰণা আছিল, কিন্তু তেনে ধৰণৰ উপদেশ মই ক’তো বিচাৰি নাপালোঁ। গতিকে এই সূত্ৰনো কি তাক মই কব নোৱাৰোঁ।
কিন্তু ‘ৱিনয়’ শব্দৰ অৰ্থ ‘ৱিনয়-গ্ৰন্থ’ৰ লগত জুৰি দিয়াৰ কোনো কাৰণ নাই। ‘অহং খো কেসি পুৰিসদন্মং সণ্ হেন পি ৱিনেমি ফৰুসেনপি ৱিনেমি।' (অঙ্গুত্তৰ চতুক্ক নিপাত, সুত্ত সং ১১১ ), তমেনং তথাগতো উত্তৰিং ভিনেতি। (মজঝিম, সুত্ত সং ১৪৭)
'যন্নূনাহং ৰাহুলং উত্তৰিং আসৱানং খয়ে ৱিনেয়্যংতি। (মজ্ ঝিম, সুত্ত সং ১০৭), আদি ঠাইতো ‘বি’ পূৰ্ব্বক ‘নী’ ধাতুৰ অৰ্থ হল শিকোৱা আৰু তাৰ পিচত গৈ ৱিনয়ৰ নিয়মকে ‘বিনয় পিটক’ কোৱা হৈছিল। যেতিয়া বুদ্ধই ভিক্ষুসকলক দীক্ষা দিয়াৰ কাম আৰম্ভ কৰিছিল তেতিয়া ৱিনয়- গ্ৰন্থৰ অস্তিত্বই নাছিল। যি শিক্ষা দিয়া হৈছিল, তাক দিয়া হৈছিল সুত্তৰূপেৰে। পোন পহিলতে ‘ধম্মচক্ক পৱত্তন সুত্ত’ বুলি কৈ বুদ্ধই পঞ্চবৰ্গীয় ভিক্ষুসকলক নিজৰ শিষ্য কৰে। গতিকে ৱিনয শব্দৰ মূল অৰ্থ ‘শিক্ষা’ বুলি ধৰাটোৱে সঙ্গত হব। আৰু সেই ৱিনয়ৰ সমুৎকৰ্ষই বুদ্ধৰ উৎকৃষ্ট ধৰ্ম্মোপদেশ। অৱশ্যে ‘সমুক্কংস’ শব্দ বুদ্ধোপদেশৰ অৰ্থত পালি সাহিত্যত পোৱা নাযায়, কিন্তু 'সামুক্কংসিকা ধম্মদেশনা' এই বাক্য