কেতিয়াবা ৰজাই টানি লৈ যাব পাৰে বুলি ভয়তে মাক-বাপেকে লৰা-ছোৱালীক সৰুতে বিয়া দি দিছিল আৰু ছোৱালীৰ ডিঙিত বিয়াৰ চিন হিচাপে মঙ্গলসূত্ৰ বান্ধি দিছিল। এই বিয়া সম্পূৰ্ণ মিছা আছিল। এই ছোৱালীবোৰ যে নিজৰ গিৰিয়েকৰ ঘৰলৈ নগৈছিল এনে নহয়, আগৰ গিৰিয়েকক এৰি যি কোনো পুৰুষৰ লগত বিয়া হবলৈকো তেওঁ লোকৰ স্বাধীনতা আছিল। মাথোন ৰজাৰ অত্যাচাৰৰ পৰা ছোৱালী- হঁতক ৰক্ষা কৰাৰ উপায় হিচাপেহে তাক অনুসৰণ কৰা হৈছিল। ভাৰতত ভালদৰে শিপাই উঠা বাল্যবিবাহ প্ৰথাৰ এনে কিবা কাৰণ আছিল নে আন কিবা কাৰণ আছিল তাক অনুমান কৰাটো টান। কিন্তু বুদ্ধৰ সময়ত যে এই প্ৰথা সকলো ঠাইতে প্ৰচলিত নাছিল তাক নিঃ- সন্দেহে কব পাৰি। একসত্ত্বাত্মক শাসন-প্ৰণালী সুদৃঢ় হৈ যোৱাৰ লগে লগে এই প্ৰথাও ধৰ্ম্মমূলক হৈ পৰিল। ভাৰতবৰ্ষত গণতন্ত্ৰাত্মক শাসন-প্ৰণালীৰ বিকাশ হৈ থকাহেঁতেন ইয়াত যে বাল্যবিবাহ প্ৰথাৰ বাবে অলপো ঠাই নহলহেতেন, তাকো কোৱাৰ আৱশ্যকতা নাই।
চাৰি প্ৰকাৰৰ শ্ৰমণ ব্ৰাহ্মণ
বুদ্ধৰ সময়লৈকে শ্ৰমণ ব্ৰাহ্মণৰ প্ৰকাৰ চাৰিটা হৈ গৈছিল। সেই সম্বন্ধে ‘মজ্ ঝিম নিকায়’ৰ নিৱাপসুত্তত এটা ৰূপক আৰু তাৰ ব্যাখ্যা পোৱা যায়। তাৰ সাৰাংশ হ’ল এই-বুদ্ধ ভগৱান শ্ৰাৱন্তীত অনাথ- পিণ্ডিকৰ আশ্ৰমত থকা কালত তেওঁ ভিক্ষুসকলক সম্বোধন কৰি কলে, “হে ভিক্ষুকসকল, চৰণীয়া পথাৰৰ সৃষ্টি কৰা মানুহে হৰিণৰ কল্যাণৰ কাৰণে সেই পথাৰৰ সৃষ্টি নকৰে। তেনে মানুহৰ উদ্দেশ্য হল তেওঁৰ চৰণীয়া পথাৰৰ ঘাঁহ খাই হৰিণ মতলীয়া হৈ যাওক আৰু সম্পূৰ্ণ ভাৱে তেওঁৰ হাতত পৰক।
(১) “হে ভিক্ষুকসকল, এনেদৰে এখন চৰণীয়া পথাৰত হৰিণ