পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ধাৰ্ম্মিক পৰিস্থিতি
৭১
 

 সতী-সাধ্বীসকলৰ সংঘ–তপস্বী ঋষি-মুনি অথবা বৈদিক ঋষি সকলৰ মাজত তিৰোতাৰ সমাৱেশ নহৈছিল। গাৰ্গী ৱাচক্নৱী আদি তিৰোতাই ব্ৰহ্মজ্ঞানৰ চৰ্চ্চাত ভাগ লৈছিল।[৮] কিন্তু তেওঁলোকৰ কোনো স্বতন্ত্ৰ সংঘ নাছিল। বৌদ্ধকালৰ এক-দুই শতিকাৰ আগৰ পৰাহে তিৰোতাসকলৰ স্বতন্ত্ৰ সংঘৰ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ ভিতৰত জৈন- সাধ্বীসকলৰ সংঘই আটাইতকৈ পুৰণি যেন লাগে। এই জৈন-সাধ্বী- সকল তৰ্কবাদত অতিশয় পাকৈত আছিল বুলি ভদ্ৰা কুন্তলকেশা আদি কথাৰ পৰা ভালদৰে জানিব পৰা যায়।[৯]
 প্ৰাচীন ঋষি মুনিসকলে বনত বাস কৰিছিল আৰু গাৱঁ‌লৈ কদা- কাচিৎহে গৈছিল। গতিকে তিৰোতাৰ সংঘ স্থাপন কৰাটো তেওঁলোকৰ পক্ষে সম্ভৱ নাছিল। কিন্তু শ্ৰমণসকল জনস্থানৰ ওচৰে কাষৰে থাকিছিল আৰু তেতিয়া সময় অনুকুল হোৱা হেতুকে তেওঁলোকে তিৰোতাৰ সংঘ স্থাপন কৰিব পাৰিছিল। বৌদ্ধ আৰু জৈন সাহিত্য পঢিলে এটা বিশেষ কথালৈ লক্ষ্য কৰা যায়; আৰু সেয়ে হ’ল তিৰোতা– সকলো পুৰুষৰ নিচিনাকৈয়ে ধৰ্ম্মসম্পৰ্কীয় কথাত প্ৰগতিশীল আছিল। ইয়াৰ কাৰণ হল,–গণসত্ত্বাত্মক ৰাজ্যবোৰত তিৰোতাসকলৰো সম্পূৰ্ণ স্বতন্ত্ৰতা আছিল। বুদ্ধ ভগৱানে ৱজ্জীসকলৰ উন্নতিৰ যি সাতোটা কাৰণ ধাৰ্য্য কৰিছিল তাৰে পঞ্চমটো আছিল-‘তিৰোতাসকলৰ মান ৰক্ষা কৰিব লাগে, বিবাহিতা বা অবিবাহিতা কোনো তিৰোতাৰে ওপৰত বলাৎকাৰ হোৱা উচিত নহয়।'—আৰু এই নিয়মমতে অন্ততঃ বুদ্ধৰ মৃত্যুলৈকে হলেও ৱজ্জীসকলে নিজৰ আচৰণ ঠিকেই ৰাখিছিল। আমি লগতে ধৰি লব পাৰোঁ‌ যে ৱজ্জীসকলৰ নিচিনাকৈ মল্লসকলৰ ৰাজ্যতো তিৰোতাৰ মৰ্য্যাদা অক্ষুন্ন আছিল। অঙ্গ, কাশী, শাক্য, কোলিৰ আদি


(৮)^  'বৃহদাৰণ্যক উপনিষদ', ৩।৬।১ আদি।
(৯)^  চাওক, 'বৌদ্ধ সংঘাচা পৰিচয়" পৃষ্ঠা ২১৪-২১৭।