পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ প্ৰথমতে অসমীয়া শব্দৰ সংস্কৃতৰ মূল ৰক্ষা কৰিবলৈ সংস্কৃতৰ অথৰ অসমীয়া ভাষাত ৰাখিব লাগে বুলি তেওঁলোকে কয়। অৰ্থাৎ যেনে সংস্কৃতৰ “চল” ধাতু “গতি কৰা” অৰ্থৰ অসমীয়৷ শব্দ "চাল” অৰ্থ ঢাকনি--যেনি পানী বাগৰী গতি কৰে সেই অৰ্থত চালত প্ৰথম চা আৰু “ছাল্ল” সংস্কৃত শব্দ "চৰ্ম্ম” অৰ্থত মিলি থাকিবলৈ আমাৰ ভাষাত “ছাল” দ্বিতীয় ছৰে লিখিব লাগে বুলি কৈ এই দুয়োট। চ, ছ আমাৰ বৰ্ণমালাত প্ৰয়োজন হল। নহলে কিজানি দুয়োট। শব্দ একেট। চ-ৰে লেখা হলে তাঁহাতৰ মূল বিচা- ৰোঁতে ভাষাতত্ত্বজ্ঞ পণ্ডিত বৰ গণ্ডগোলত পৰে। অথবা, অসমীয়া “পূব” শব্দটোত প-ত দীৰ্ঘউকাৰ দি নেলেখি হ্ৰস্ব উকৰ দি লেখিলে, জানোচা আমাৰ “পূব”ৰ মূল যে সংস্কৃত পূৰ্ব্ব তাক হেৰোৱাৰ উপক্ৰম ঘটে। এই বিলাক কাৰণৰ নিমিত্তে সংস্কৃত শব্দৰ অনুৰণতে আমাৰ শব্দও লেখা উচিত বুলি তেওঁলোকে সিদ্ধান্ত কৰি কয়। আমাৰ নিজ নিজ সমাজৰ স্বজাতি-স্বজাতি মাহুহবিলাকব, আঁটি-গুৰি বংশ পৰস্পৰ৷ জাত-কুল জানি-বুজি আমাৰ লগত ঠাই দিওহঁক। সেই দৰেই আমি কেৱ৷ অসমীয়া কথাৰে৷ লেখোঁতে তাৰ আঁটি-গুবি জানি লৈ আমি লেখাত ঠাই দিবলৈ বিচাৰাটে। আমাৰ স্বভাৱ হব পাৰে কিন্তু ই ভুল ধাৰণাৰ পৰা হোৱা সিদ্ধান্ত। শব্দৰ মূল লেখা আখৰ কেইটাৰ ওপৰতে সদায় ৰক্ষা কৰি থকা। নহলে ‘ৰমেন’ আখৰ ব! ইংৰাজী আখৰেছে লেখা ‘Mother' শব্দটে। Germany ৰ 'mutter' Latin ৰ 'matter' শব্দৰ মূল বা common stock সংস্কৃত আখৰত লেখা “মাতৃ” শব্দৰ সৈতে একে বুলি কোনো ভাষাতত্ত্বজ্ঞ পণ্ডিতে নধৰিলেহেঁতেন! ইংৰাজী father আৰু সংস্কৃতৰ “পিতৃ”, মূল আথৰ কেইটাত ৰৈছে নে নাই শব্দটোৰ phonetic sound ৰ ওপৰত ৰৈছে? ‘পূব” শব্দটো অসমীয়াত হ্ৰস্ব উকাৰেৰেই লেখক বা দীৰ্ঘ ঊ-কাৰেয়েই লেখক, বা ইংৰাজী আখৰেৰে ‘Puva’ বুলিয়েই লেখক, যেতিয়ালৈকে, ভেনে উচ্চাৰণৰ শব্দটোৰ অৰ্থ “বেলি ওলোয়া দিব” বা East বুলি বুজাব, যেতিয়ালৈকে সেই শব্দই ( পুব, বা পূৰ বা puva ) এ সংস্কৃতৰ পূৰ্ব্ব শব্দই তাৰ মূল বুলি সদায় চিনাকি দি থাকিব। পণ্ডিত সকলে আৰু এটা কথা কয়। তেওঁলোকে কয় যে কোনো কোনো একে উচ্চাৰণৰ একোট। শব্দই দুট। তিনট। বেলেগ অৰ্থ বুজায় কৰিণে, অৰ্থটোৱে প্ৰতি বেলেগ আখৰৰ আৱশ্যকতা কৰে, নহলে অৰ্থত ব্যাঘাত জন্মিবৰ আশঙ্কা থাকে। অৰ্থাৎ “পানী” শব্দটোত যদি দন্ত্য-ন আৰু দীৰ্ঘ ঈ-কাৰ নিদি মূৰ্ছণ্য 90