পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইছলাম আৰু ভাৰতীয় ধৰ্ম্ম আৰু কৃষ্টিৰ সমন্বয় শ‍ইকীয়া, হাজৰীকা বৰুৱা আদি থিতাপে৷ দিছিল। আজিও শিৱসাগৰ, লক্ষিম- পুৰ আৰু নগাওঁ আদিৰ বহুত মুছলমানে নামৰ শেষত শ‍ইকীয়া, হাজৰীকা বৰুৱ৷ লিখে। আহোম ৰাজধানী গড়গাওঁখন উঠাই আনি ৰঙপুৰত পাতোঁতে ইয়াৰ চাৰিও কাষে মুহুলযান গাওঁ বহুৱাইছিল। তাৰ চিন হাতীখোক, আমগুৰি, কালুগাওঁ আৰু সিংহদ্বাৰ এতিয়াও বৰ্ত্তমান। তদুপৰি দিখৌমুখৰ ওচৰত বলীয়াঘাট মহাণ খটখটীৰ ওচৰত টকৌবাৰী ইত্যাদি ঠাইত এই মুছল- মানবে কোঠ আছিল। মৰাণ, মোৱামৰীয়া বিদ্ৰোহৰ সময়ত এই মুছলমান- সকলে ৰজাক বিশেষ সহায় কৰিছিল। আৰু এটি প্ৰবাদ আছে যে টকৌ- বাৰী কোঠৰ মুছলমানসকলে মৰাণক শিৱসাগৰৰ ওচৰৰ ডৰিকাপাৰত মৰা- আম বোলা ঠাই এডোখৰত বচুটা দিছিল আৰু ৰজাই সন্তুষ্ট হৈ এই মুছলমান সকলক বৰগড়ীয়া নাম দি ধাই আলিৰ কাষত (যি এতিয়া শিৱসাগৰ মিউনিচিপালিটিৰ ভিতৰত ) বহুত ঠাই দিলে আৰু বৰপড়ীয়া গাওঁ নাম দিলে। ইয়াৰ লগালগী ছেঙ্গনী কটীয়া (miners and sappers ) মুছলমানক ঠাই দিলে। আন কি এই অননীয়া মুছলমান সকলে নিজৰ মাতৃ- ভূমিৰ হকে নিজস্ব বজাৰ হকে অসহী। হিন্দুৰ লগত যোগদি বঙ্গাল মুছলমান সকলৰ বিৰুদ্ধেও যুদ্ধ কৰিছিল। শিৱসাগৰৰ কছাৰি ঘৰৰ ওচৰত ৰক্ষিত হৈ থকা এটাইতকৈ যিটো ভাল বৰটোপ এতিয়াও নতুনৰ নিচিনা হৈয়ে আছে তাব নিৰ্ম্মাণ কাৰ্য্যৰ লিথা কথা থিনিত গেন্ধেল! গড়ীয়াৰ নাম পোৱা যায়। ১৬৬২ খৃষ্ট,ব্দত যেতিয়৷ শিৱজুলাই আসাম আক্ৰমণ কৰে, তেতিয়া স্থানীয় মুছলমান সকলৰ কথা ফাতিহাই-ই-ইব্ৰিয়াত এনেকৈ কৈছে— The Muslims whom we met in Assam are Assamese in their habits and Mahameadans but in name. In fact they like the Assa- mese better than us, অৰ্থাৎ “যিবিলাক মুছলমানক আমি অসমত পাইছিলোঁ সেইবিলাক নামতহে মুছলমান। সচাসূঁচিকৈ সিহঁতে অসমীয়া মানুহক আমাতকৈ বেচি ভাল পায়।” অসমত হিন্দু-মুছলমানৰ এই মিলনৰ ভাৱ আজিলৈকে অটুট ভাৱে চগি আছে, যদিও বিদেশৰ পৰা আমদানী হোৱা কিছুমান সাম্প্ৰদায়িক বিচ্ছে- দৰ ভাৱে মাজে সময়ে ইয়াতে৷ আহি আজিকালি উক দিবলৈ ধৰিছে। সৌভাগ্যক্ৰমে অসমীয়া মুছলমানসকলে যদিও শিল্প বা আন আন বিষয়ত ভাৰতৰ আন দেশৰ দৰে কোনো উন্নতি সাধি দিব নোৱাৰিলে ত্ৰাচ যি এফেৰা কৰিছিল তাক নিচেই নগণ্য বুলিব নোৱাৰি। শঙ্কৰ যুগৰ পৰবৰ্ত্তী যুগত এজন মুছলমান ৩৫