পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্যৰ-স্বৰূপ তীব্ৰ-কাম-বহ্নি জ্বলি উঠা সৌন্দৰ্য্য সাহিত্যই দেখুৱা ভাল নে বেয়া—ইত্যাদি ধৰণৰ প্ৰশ্নও সময়ত শুনা যায়। আৰ্ট হিচাবে কাম-বহ্ণিৰে প্ৰজলিত সত্যও সত্য—এণ্টনি ক্লিওপেট্টাৰ তীব্ৰ-কাম-বহ্লি জানো মানৱ প্ৰকৃতিৰে এটা সত্য নহয়? নৈতিক হিচাপে হেয় সত্যও — আৰ্ট হিচাৱে নিশ্চয় সুন্দৰ নহৈ নোৱাৰে। কাৰণ সিও অনস্তৰৰেই এটা ভাৱ, এটা তত্ত্ব মাথোন। আৰ্টলৈ সৌন্দৰ্য্যৰ দুৱাৰ সদায় অবাৰিত কাৰণেই আমি ছেক্মপিয়েৰৰ কল্পনাৰ পৰা Iago আৰু Macbethৰ নিচিনা চৰিত্ৰও পাব পাৰিছোঁ; আৰু সেই দেখিয়েই বাইৰণৰ আৰু জয়দেৱৰ গীত গোবিন্দৰ- “ৰতি সুখ সাৰে গতমভিসাৰে” ৰ নিচিনা ইন্দ্ৰিয় ভোগৰ কবিতাও কবিতা হিচাপে চমৎকাৰ হৈ ওলাইছে। অনেকে সোধে “তুমি যে কবিতা লিখা, কাৰ বিষয়ে লিখা, ঈশ্বৰৰ নে মানুহৰ, নে গছ গছনি ফুল পাতৰ বিষয়ে?” এনে ধৰণৰ 'প্ৰশ্নকাৰক সকলে ভাবে যে কবিতা লিখা মানে মনৰ এটা কৌশলেৰে বাহিৰৰ বস্তুৰ “ফটো- গ্ৰাফ” কৰি ফটে৷ তুলি ফুৰা। কিন্তু কবিতা ফটো ( Photo) নহয়, কবিয়ে নিজে অতঁকা ছবি হে; কবিয়ে নিজৰ মনৰ মাধুৰী-সানি যি ভাব যি কথ| জগতত সকলোৰে আনন্দৰ সামগ্ৰী কৰি বিলাই দিব পাৰে, সেই বস্তু “দেখা নাই শুনা নাই, তুমি এটি মোৰ হৃদয়ৰ নজনা বাসনা, মনেৰে ধুনীয়া কৰা ৬৭ সজ্জা তুমি মোৰ পবিত্ৰ কল্পনা।” ( —দূৰ্গেশ্বৰ শৰ্ম্মা ) আন এটা কথাৰে, প্ৰকৃত কাৰ্য-সাহিত্যৰ আচল বস্তু মানৱহৃদয় বা মানৱ- প্ৰকৃতিৰ বিশ্বজনীন সত্য। এটা খণ্ড বস্তু বা উপকৰণ তাৰ অবলম্বন মাথোন। কবিয়ে এটা ফুলকে হওক এটা তৰাকে হওক অৱলম্বন কৰি হৃদয়-ভাৱৰ যি মূৰ্ত্তি, সেই সৌন্দৰ্যই কবিতা বা কাব্য। বিধতাই তিল তিল কৈ বিশ্বৰ সকলো সৌন্দৰ্য্য গোটাই আনি শকুন্তলা 'ৰচনা কৰিছে বুলি দুস্মন্তৰ মুখেদি কোওৱা কবি কালিদাসে প্ৰাচীন ভাৰতৰ তপোবন, অনসূয়া, প্ৰিয়ম্বদা, দুষ্মন্তৰ মৃগয়া, তপোবনৰ তৰুলতা-ফুল এই এটাই বিলাক উপকৰণ (Environment) ভিন্ন তিল কৈ গোটাই লৈ