পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
প্ৰৱন্ধ-সংগ্ৰহ

“অৰ্থাৎ ভাৰত সাম্ৰাজ্য এদিন নহয় এদিন যাবই, কিন্তু আমাৰ ছেক্সপিয়েৰ নাযায়, তেওঁ চিৰকাল আমাৰ লগতে থাকিব।” জীৱনৰ সীমাবদ্ধ প্ৰয়োজনৰ, আৱশ্যকীয় ভাৰত সাম্ৰাজ্যথন অস্থায়ী; আৰু জীৱনৰ অসীমতাৰ প্ৰয়োজনত প্ৰকাশ পোৱা অলঙ্কাৰ ছেক্মপিয়েৰ চিৰস্থায়ী।

 দিল্লীৰ সম্ৰাট চাজাহানৰ ভাৰত সাম্ৰাজ্য গ'ল, কিন্তু তেওঁৰ গভীৰ হৃদয়াবেগৰ প্ৰকাশ—এটুপি তপত চকু-লো—“এটি বিন্দু নয়নৰ জল” মছানোযোৱাকৈ কালৰ কপালত চিৰকলীয়া ফোঁটৰ দৰে “শুভ্ৰ সমুজ্জ্বল” শিল্পীৰ সৃষ্টি তাজমহল জিলিকি ৰ'ল৷ এই তাজমহল আজি কেৱল এটা অট্টালিকাই নহয়,—ই দাম্পত্য প্ৰেমৰ এখন বৃহৎ দাপোণ, যি দাপোণত জগত্ৰ প্ৰত্যেক দম্পতীয়ে নিজ নিজ মুখ চাই প্ৰেমৰ সৌন্দৰ্য্য উপলব্ধি কৰিব পাৰিব।

 এই তাজমহলৰ দৰেই জগতৰ অমৰ কবি সকলৰ কাব্য সাহিত্য আৰু মানুহৰ গভীব হৃদয়াবেগ, বিৰহ বেদনা, প্ৰেম অনন্দৰ পুষ্পখচিত একো একোটি জগতৰ মিলন মন্দিৰ। কালিদাসৰ “মেঘদূত” যক্ষৰ হৃদয়ৰ বিৰহ বাৰ্ত্তা ৰূপে আজি জগতৰে বিৰহ বাতৰি, অথচ একেলগে জগতৰ সকলো মানুহৰে মিলন কেন্দ্ৰও।

 বিশ্ব প্ৰকৃতিৰ একো একোটে৷ উচ্চ গিৰিশৃঙ্গ ভেদ কৰি যেনেকৈ একো একো খনি প্ৰবাহিণী ভৈয়ামেদি বৈ গৈ তাৰ দুই কাষৰ শস্য ক্ষেত্ৰ গাওঁ-ভূই সুশীতল কৰি সমুদ্ৰত পৰে গৈ,—একো একোখন দেশ বা একো একোটা জাতিৰ শিক্ষা দীক্ষা প্ৰতিভাৰ গিৰিশৃঙ্গৰ পৰাও, একো একো খনি মহাকাব্যৰ প্ৰবাহিণী, একো একো জন প্ৰতিভাবান ভগীৰথৰ শঙ্খধ্বনিত বৈ গৈছে, অনন্ত কাললৈকে,—মানুহৰ হৃদয় ৰাজা সুশীতল কৰি। তাৰে নাম বাল্মিকীৰ ৰামায়ণ, ব্যাসৰ মহাভাৰত, হোমাৰৰ (Homer) ইলিয়দ্ আৰু ওডেচি।

 মহাকাব্য ৰামায়ণ কেৱল দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰৰ জীৱন কাহিনী নহয়, ই সমগ্ৰ মানুহৰে হৃদয় ভেদি ওলাই যোৱা জীৱনৰ কৰুণ ক্ৰন্দন। মহাভাৰত কুৰু পাণ্ডৱৰ যুদ্ধ আৰু জীৱনবৃত্তান্তই নহয়, —ই সকলো মানুহৰে অদম্য জীৱন তৃষ্ণাৰ বিপুল সংগ্ৰাম ধৰ্ম্ম অধৰ্ম্মৰ চিৰন্তন সংঘৰ্ষ। এই দুখন ভাৰতীয় মহাকাব্যতেই কাব্য সাহিত্যৰ কি. দুৰ্জ্জৰ শক্তি তাক ভাৰতবাসী হিন্দু মাত্ৰেই আজিও শিৰে শিৰে অনুভব কৰিছে।

 কাব্য বা কবিতা যে হৃদয়ৰ সত্য অনুভূতিৰ অদম্য প্ৰেৰণা, তাক