পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া খাদ্যৰ গুণাগুণ ৪৯ আমীষ মাংস গঠনকাৰী। শালি আৰু স্নেহ তাপ আৰু শক্তি উৎপাদক। লোণজাতীয় খাদ্যৰপৰাই ৰক্তৰ খাৰত্ব ঠিক থাকে। ৰক্তৰ খাৰত্ব কমিলেই বহুত ৰোগৰ উৎপত্তি হয়। খাঘ প্ৰাণে ( ভাইটামিনে) আন সকলে৷ উপাদানক কাৰ্য্যকৰী কৰে—খাদ্য প্ৰাণভিন্ন আন উপাদানবোৰে কাৰ্য্যকৰী হৈ শৰীৰৰ যন্ত্ৰ বিলাকক সুস্থ আৰু সঞ্জীবিত কবি ৰাখিব নোৱাৰে। অসমীয়া খাদ্যসমূহৰ ভিতৰত চাউল, দাইল, গাখীৰ, গুড়, মাছ, মঙহ, কণী, শাক-পাচলি, আলু-কচু, কুঁহিয়াৰ, আম-কঠাল; নানাপ্ৰকাৰৰ টেঙা আদি ফলমূলেই প্ৰধান। জুভিলগা হলেও থোৱা বস্তু মাত্ৰকেই শৰীৰৰ উপকাৰী প্ৰকৃত খাদ্য বুলিব নোৱাৰি, যদি তাত শৰীৰ গঠনকাৰী উপাদানবোৰ যথেষ্ট পৰিমাণে নাথাকে। ওপৰোক্ত খাদ্যসমূহত সেই উপাদান উপযুক্ত পৰিমাণে পোৱা যায়। আমাৰ দেশত আজিকালি বহুলোকে, – বিশেষকৈ অৱস্থাপন্নসকলে জিভাৰ তৃপ্তি বা খোৱাৰ হেপাহঁত নানাবিধ মুল্যবান বস্তু গোটায় আৰু তাৰ বাবে বহু খৰচে৷ কৰে;—কিন্তু খাঘৰ ক্ৰিয়৷ আৰু গুণাগুণ সম্পৰ্কে উপযুক্ত জ্ঞান নথকাৰ কাৰনে, ৰন্ধা বঢ়াৰ দোষতেই হওক বা মিতাচাৰৰ অভাৱ হওক, সেই খাদ্য বিলাকৰপৰ। বহু ক্ষেত্ৰত ইষ্টতকৈ অনিষ্ট হে বেচি হয়। চাউল চাউল আমাৰ সৰ্ব্বপ্ৰধান খাদ্য। আমাৰ দেশত উৎপন্ন চাউল নানাবিধৰ হলেও, সেইবোৰৰ প্ৰধান উপাদানৰ অৱস্থা বিশেষে আৰু তৈয়াৰ কৰ৷ প্ৰণালীৰ দ্বাৰ৷ গুণাগুণৰ কিছু পাৰ্থক্য অৱশ্যে হয় আক তাৰতম্য বিশেষ উল্লেখযোগ্য নহয়, গুণাগুণো প্ৰায় একেই। সোৱাদৰো অলপ পাৰ্থক্য আছে। শালি { Carbohydrate) জাতীয় খাদ্যসমূহৰ ভিতৰত চাউলেই সৰ্ব্বপ্ৰধান! ইয়াত শতকৰা ৮০ ভাগ শালি নামৰ উপাদান থাকে। ধানৰপৰ৷ চাউল উলিয়ালে, বাকলিৰ ঠিক তলতেই, চাউলৰ ওপৰত এবিধ ৰঙচুৱা পাতল আৱৰণ দেখা যায়; তাতেই খাদ্যপ্ৰাণ ( ভাইটামিন) থাকে। শৰীৰ পুষ্ট কৰিবলৈ এই খাদ্যপ্ৰাণৰ প্ৰয়োজন অধিক। কলত তৈয়াৰী চাউলত এই আৱৰণৰ লগতে খাদ্য প্ৰাণো নষ্ট হয়। কলত বনা-কৰা চাউলতকৈ ঢেঁকীত বনাকৰা চাউল অধিক পুষ্টিকৰ। নতুন চাউলতকৈ পুৰণি চাউল অধিক লঘুপাক, পুষ্টিকৰ আৰু সহজে হজম হোৱা। নতুন চাউলক সহজে 9