পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ey কায়স্থ সমাজৰ ইতিবৃত্ত। ২ শ্ৰীধৰভুঞা (কাশ্যপ গোত্ৰ)। [ গোমস্তাভূঞা বা ক্ষেত্ৰীভূঞা ] বাৰভূঞাৰ ভিতৰৰ শ্ৰীধৰভূঞা বৰ্তমান গোৱালপাৰা জিলাৰ ৰাঙামাটিত গৌড়ৰাজাৰ তলে ভূঞা আছিল। * এইজনা শ্ৰীধৰভূঞাৰ গোত্ৰ কাশ্যপ, প্ৰবৰ কাশ্যপ, অল্পৰ আৰু নৈব। শ্ৰীধৰৰ পুত্ৰ গঙ্গাধৰ ভূঞা। দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণ আৰু নাতি দুৰ্লভেন্দ্ৰৰ সময়ত তেওঁ বাঙামাটিতে ভূঞালী কৰা বুলি বংশাৱলীত পোৱা যায়। কামৰূপ-কমত যেতিয়া দুৰ্লভ ৰাজা হয়, সেই সময়ত গদাধৰৰ পুত্ৰ গোবৰ্ধন স্বাধীন হৈ উঠে; কিন্তু আৰিমত্তই দুভেন্দুক মাৰি কমতা জয় কৰাত গোবৰ্ধন ভূঞাৰ শক্তি নিষ্প্ৰভ হয়। আৰিমত্ত মৰাৰ পাচত গোবৰ্ধন পুনৰ ক্ষমতাশালী হৈ উঠে। গগাবৰ্ধনৰ শেষ বয়সত কমতাত ধেনবংশীয় ৰাজাৰ প্ৰভাব পূবলৈ বিস্তাৰিত হয়। গোবৰ্ধন ভূঞাই পৰিয়ালবৰ্গ লৈ পূবে মানাহ নদী পাৰহৈ আহি কামৰূপৰ ব্ৰহ্মপুত্ৰৰ ওচৰৰ কাপলা বৰিত বাস কৰেহি (১৪৪০ খৃঃ অঃ)। খেনবংশী শেষ ৰাজা নীলাম্বৰৰ ৰাজ্য ভাঙাত গোবৰ্ধন ভূঞাৰ পুত্ৰ নাৰায়ণভূঞা ক্ষমতাৱন্ত হৈ উঠে (অনুঃ ১৪৯৮ খৃঃ অঃ)। কায়স্থ ভূঞাসকল মসিজীবী ক্ষত্ৰিয়; গোবৰ্ধন আৰু তেওঁৰ লগৰ অন্যান্য ভূঞাসকল কামৰূপৰ উত্তৰ পাৰে বাস কৰাত সেই ঠাই লাহে লাহে “ক্ষেত্ৰি” বুলি জনাজাত হন। “পূৰ্বে বাহুভূঞা চণ্ডীবৰ আদি কৰি। অনুক্ৰমে ভূঞ্জে কামৰূপ বসুন্ধৰী। সবাৰে মধ্যত ক্ষেত্ৰী ভূঞা চণ্ডীবৰ। শ্ৰমে মহেশ্বৰ যেন পাইক ধনুৰ্ধৰ।” ২৫২৬ নামচৰণ ঠাকুৰগুৰুচৰিত। নাৰায়ণ ভুঞা কায়স্থ ক্ষত্ৰিয় আছিল, সেই কাৰণে তেওঁকো ক্ষত্ৰিয় ভূঞা আৰু তেওঁৰ অধিকাৰ খিনিক ক্ষেত্ৰি" বুলিছিল। নাৰায়ণ গোমান্তাৰ বিষয় বহুত জনশ্ৰুতি আজিও কামৰূপৰ ঠায়ে ঠায়ে শুনিবলৈ পোবা যায়। এওঁৰ এখন বংশাৱলীও বংশধৰসকলৰ হাতত আছে—ইয়াক “গোমস্তা” বা “গোমথা” বংশাৱলী যোলে। এই কিতাপ পঢ়িলে বুজিব পাৰি এওঁ খেনবংশ লোপ পোৱাত উত্তৰে ভোট নাৰায়ণভূঞা গোমা। দক্ষিণে ব্ৰহ্মপুত্ৰ, পুবে বুঢ়াদিয়া নৈ আৰু পশ্চিমে কালদিয়া নৈ, কামৰূপৰ এই মধ্য খণ্ডত স্বাধীন ভূঞা হৈ উঠিছিল। তেওঁৰ লগত থাকা ভূঞাসকলৰ ভিতৰত বজালিৰ গন্ধৰ্বভূঞা, সৰুক্ষেত্ৰিৰ ৰাজেভূঞা আৰু ব্ৰহ্মপুত্ৰৰ পাচৰ বালিগাৱৰ ভূঞা আহিল বুলি বংশাৱলীৰপৰা বুজিব পাৰি। শ্ৰীধৰভূঞা আৰু দুইজন সেই সময়ত পোৱা যায়—তিমিওজন শ্ৰীধৰভুঞা এজন বুলিয়েই বোধ হয়, কিন্তু বৰ্তমানে সিবিলাকৰ বংশধৰসকলৰ ভিতৰত বৈবাহিক সম্বন্ধ টা বাবে আশা হয়। আমি বাধ্য হৈ তিনিজনক বেলেগ বেলেগকৈ দেখুৱালোঁ।