৩৪ কাষস্থ সমাজৰ ইতিবৃত্ত। গৌডেশ্বৰে তেওঁলোক “ভূঞা” উপাধি দি ৰাজ্যত পাতে। এই ভূঞাসকল যি ঠাইত বাস কৰিছিল তেওঁলোকৰ নাম অনুসৰি সেই ঠাইৰ নাম “কনৌজপুৰ” হয়; আৰু সেই চৈধ্য ভূঞাই বাৰভূঞা নাম পায়। এই সম্বন্ধে গোমথা চৰিতত এটা শ্লোক পোৱা যায :—চতুদশেতে কান্যকুজসমাগতা দ্বিজান। স্থাপষামাস তা সৰ্বান্ দুৰ্লভনাৰাষণো নৃপোত্তমঃ। চতুৰ্দশ নামানি প্ৰামাণি সমৃদ্ধানিচ, বাসাহাং প্ৰদদৌ তেভঃ নৰোত্তমঃ দুৰ্লভনাৰায়ণঃ॥” কনৌজপুৰত কিছুকাল থাকাৰ পাচত কামেশ্বৰ ধৰ্মপালৰ অনুৰোধ মতে গৌডেশ্বৰে বাৰভূঞাসকলক ধৰ্মপালৰ ওচৰলৈ পঠায। ধৰ্মপালে তেওঁলোেক সীমান্ত নগৰ গোদণ্ডপুৰৰ ওচৰত দাস, দাসী ভূমি দি ঠায়ে ঠাযে স্থাপন কৰে। তেতিযাৰপৰা এওঁলোক প্ৰাচীন কামৰূপ অঞ্চল ও “বাৰভূঞা” বুলি খ্যাত হয় (১৯১৬)। বাৰভূঞাসকল গৌৰপৰা কামৰূপলৈ আহোঁতে তেওঁলোকৰ লগত আৰু কেইজনমান ব্ৰাহ্মণ-কাস্থ আহিছিল; এই সকলল কামৰূপত “ভূঞা” বুলি খ্যাত হয় আৰু বাৰভূঞাৰ ভিতৰত ভুক্ত হয়। আমি এতিয়ালৈ অনুসন্ধান কৰি বাৰভূঞাৰ ভিতৰত অকল কায়স্থ ভূণা ৪৫ জন পাইছো, আৰু যে ২|৪ জন স্মৃতিৰ অতীত নহৈছে তাক কব নোৱাৰি। ব্ৰাহ্মণ ভূঞাসবলৰ এই সমযত অনুসন্ধান কৰাৰ আমাৰ সময হৈ নুঠিল। বাৰভূঞাসকল কামৰূপত পোনতে দুৰ্লভনাৰাষণৰ অধীনত, পাচত ধৰ্মপল, তাৰ পাচত পুনৰ দুৰ্লভ নাৰাষণৰ অধীনত কিছু দিন প্ৰাদেশিক শাসনকৰ্তা হৈ থাকে। শিৰোমণি ভূঞা চণ্ডীবৰ আৰু দুই এজন দুৰ্লভনাৰায়ণৰ সময়তেই স্বাধীন হয়। ইন্দ্ৰনাৰায়ণ, ভবচন্দ্ৰ আৰু নাতি দুৰ্লভেন্দ্ৰৰ সময়ত ৰাজ্যৰ শাসন বান্ধ ঢিলা হোৱাত সৰহ ভাগ ভূঞা স্বাধীন হৈ উঠিছিল; কিন্তু ভিতাৰী বংশীয আৰিমত্তৰ সমযত পুনৰ তেওঁৰ অধীন হয়। আৰিমত্তৰ কিছুকাল পাচত নামনি অঞ্চলত কমতাৰ খেন বংশীষ ৰাজাৰ প্ৰভাৱ পৰে (পঞ্চদশ শতিকাৰ মাজ ভাগ)। পঞ্চদশ শতিকাৰ শেষ ভাগত খেনবংশীয ৩য় বা ৰাজা নীলাম্বৰৰ দিনত বৰনদীলৈ খেন ৰাজ্য বিস্তাৰিত হয়। কিন্তু ১৪৯৮ খৃঃ অত নামনি অঞ্চল মুছলমানৰ অধীন হয। মুছলমানে তাত স্থায়ী ভাৱে শাসনকাৰ্য্য চলোৱা নাছিল, গতিকে সেই সময়ৰপৰা কোচৰাজ বিশ্বসিংহৰ কামৰূপ অধিকাৰ সমযলৈ (অনুমান ১৫১৫ খৃঃ অব্দ) নামনিৰ ভূঞাসকল পুনৰ স্বাধীন অৱস্থাত থাকে; অৰ্থাৎ নামনিৰ বাৰভূঞাই অনুমান ১৩১৬ খৃঃ অব্দৰপৰা ১৪০০ খৃঃ অব্দলৈ আৰু ১৪৯৮ খৃঃ অব্দৰপৰা ১৫১৫ খৃঃ অব্দলৈ স্বাধীন অৱস্থাত থাকে। (খ) খেন ৰাজবংশ-দ্বাদশ শতিকাত মুছলমান আক্ৰমণকাৰীসকলে গৌড অধিকাৰ কৰাৰ সময়ত কামৰূপ ৰাজ্যক কামৰূপ, কমতা দুই নামে অভিষিত কৰা দেখা যায়। গতিকে প্ৰাচীন কামৰূপৰ পশ্চিমৰ অংশই অনুমান দশম শতিকাৰ পাচৰপৰা কম বুলি পৰিচিত হোৱা যেন লাগে। কমতা শক্তিশালী হৈ প্ৰাচীন কামৰূপৰ বেচি অংশ সামৰিছিল, আৰু তাৰ ৰাজাই কামৰূপেশ্বৰ নাম লৈছিল , কোনো কোনোবে গৌডেশ্বৰ উপাধিৰেও ভূষিত হৈছিল। কিন্তু বহুত ৰাজবংশৰ “গৌড়েশ্বৰ”ৰ দৰে “কামৰূপেশ্বৰ” উপাধিটোও বৰ লোভনীয আছিল। এই কাৰণে মুছলমান ইতিহাস লিখকসকলে দুযোট। নামকে এই দেশৰ প্ৰতি প্ৰযোগ কৰিছিল। বুৰঞ্জী পঢ়িলে অনুমান হয় বিশ্বসিংহৰ আগলৈকে প্ৰাষ দুশমান বছৰ কৰতে যা আৰু সোণকোষৰ মধ্যবৰ্তী স্থানক কমত বুলিছিল। অনুমান ১৩২৫ খৃঃ অব্দত দুৰ্লভনাৰাষণে ‘গৌড়েশ্বৰ’ উপাধি লৈ এই খণ্ডৰ ভিতৰতে পোনতে ৰাজত্ব কৰিছিল। তেওঁ আৰু তেওঁৰ বংশধৰসকলে প্ৰায় পঞ্চাশ বছৰ ৰাজত্ব কৰা বুলি ধৰিলে চতুৰ্দশ শতিকাৰ শেষ শেষ
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/ca/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80%E0%A6%A8_%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%95%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%B8%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%B0_%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4.djvu/page56-1024px-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80%E0%A6%A8_%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%95%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%B8%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%B0_%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4.djvu.jpg)