পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ কায় সমাজৰ ইতিবৃত্ত। যুথিষ্টিৰ ভড়াল কায়স্থ-এওঁ ৰঘুদেৱ নাৰায়ণ ৰঙাৰ ভড়াল কায়স্থ আছিল। ৰঘুদেৱ ৰজা হোৱাৰ আগতে এওঁ চিলাৰায় দেৱানৰ লগে লগে ফুৰিছিল; সেই কাৰণে এওঁ ৰঘুদেৱক বৰ মৰম কৰিছিল। চিলাৰায় স্বৰ্গী হোৱাৰ পাচত মহাৰাজ নৰনাৰায়ণৰ যেতিয়া পুত্ৰ সন্তান জন্মে, সেই সময়তে এই যুধিষ্ঠিৰ আৰু তেওঁৰ লগৰ কেইজনমানে ৰঘুদেৱক উচটাই দি ৰজাৰ বিদ্ৰোহী কৰে আৰু বুদ্ধি কৰি পূবলৈ আনি বৰনগৰত ৰজা পাতে। এই সম্বন্ধে প্ৰাচীন কামৰূপৰ বুৰঞ্জীত আছে :- “তেবে চিলাৰায়ৰ বৰা-বুক কবীন্দ্ৰ পাত্ৰ, যুধিষ্ঠিৰ ভাণ্ডাৰ কায়স্থ, ••• এবং আনো ব-বুক ৰঘুদেৱ পাটকেঁৱৰক বুলিলে—“তুমি এই মতে থাকিলে ৰজাৰ আজ্ঞাকাৰী হৈ থাকিবা। পূৰ্বে বিশ্বসিংহ মহাৰজা স্বৰ্গী হবৰ সময় বৰ সোণকোষ সীমা কৰি বেহাৰ নৰনানাৰায়ণক দিছে। ইদিকে চিলাৰায দেৱানক দিছে। এতেকে তোমাক ঘিলাত ৰজা পাতো। স্বয়ং ৰজা হোৱা। তোমাৰ পিতৃৰ হাতী, ঘোৰা, আহিল পাতি উপায় কৰি লৈ ফুৰুহ খাবাক যাবাক ওলোৱা।” এই পৰামৰ্শ মতে ৰঘুদেৱ ঘিলা অৰ্থাৎ বৰনগৰক আহে। আৰু তাতে তেওঁৰ সঙ্গীসকলে তেওঁক ৰজা পাতে। ইয়াৰ পাচৰপৰা ঘূতিষ্ঠিৰ ৰঘুদেৱৰ “ভাণ্ডাৰ কাযস্থ” বা ভডাল কায়স্থ হয়। তেওঁৰ পাচত •ৰ পুত্ৰ গদাধৰ ভাণ্ডাৰ কাষস্থ হয়। ৰদেৱৰ বহুত মহিষী আৰু বহুত পুত্ৰ। সেই কাৰণে তেওঁ (এন অৱস্থাত ৰাজ ভড়ালৰ সমস্ত ধন-সোণ ভাণ্ডাৰ কাষস্থৰদ্বাৰা গুপ্তভাৱে পুতি ৰাখে, যেনে- “প্ৰতি দিনে বিপ্ৰ বৈষ্ণৱক কৰে দান। অৱশেষ ধন-ৰত্ন পোতে থানে থান। খাদা পোতা পাইক হস্তী মাইতক মাৰস্ত। গদাধৰ ভাণ্ডাডীসে কেৱলে জানন্ত।” সূৰ্যখডি-দৰ ৰাজ-বংশাৱলী। বঘুদেৱে ভাণ্ডাৰীক কৈছিল—“মোৰ পুত্ৰ ৰাজা হৈ কেতিয়াবা বিপদত পৰিলে এই ধন দিবা, নহলে ইয়াৰ সম্ভেদ নিদিব॥” ঘুদেৱৰ পাচত পৰীক্ষিতনাৰাণ ৰজা হৈ ভাণ্ডাৰত ধন নেদেখি ভাণ্ডাৰ কায়স্থ নানা জটি ঘটি “গদাধৰে বোলে শুনিয়োক নৰেশ্বৰ। ৰাজ্যৰ উপৰে তুমি হয়াছ ঈশ্বৰ দেশ-ৰাজ্য লক্ষ্মী-ধন বস্ত্ৰ অলঙ্কাৰ। তাক পাই কেনে ধন কৰিছা বিচাৰ। ৰাজা বোলে পিতৃৰ আৰ্জিত?ত্ৰে পায়। কমনে বাধিছ। তই চিত্ত বিহৰাই। গদাধৰে বোলে তুমি বুজন নিৰ্গত। লাগিল তোমাৰ লোভ পিতৃৰ খনত॥ পিতৃৰেসে ৰাজ্যৰ পইছা নিশ্চয়। কৈত আছে ধন বিত নাজ নোহো মঞি