পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সৰা ইতিবৃত। আৰু আগৰ পিয়ল কাকত আদিৰ অনুসন্ধান কৰিলে। খেনৰজাৰ দিনৰপৰা কামৰূপৰ মধ্য খণ্ডৰ মাটি বাৰীৰ হিচাব নাৰায়ণ ভূঞাৰ খানাৰ মজুমদাৰৰ ঘৰত আছিল; বিশ্বসিংহে সেই সংবাদ পাই মজুমদাৰক তলব দিয়ে। কাগজ নিয়া সম্বন্ধে ৰঘুপতিয়ে লিখিছে :- তিনি জাপা কাকত পাইলা বিচাৰিয়া। সাঙি বান্ধি ৰাজ মেলে মেলিলেক নিয়া। তেৰিজা••• •••মাটি জনাবলী তলখাতা প্ৰচুৰ আছয়॥ কচিম পৰগণা বৰ্গ যে মহল। তালি তলপ বাকী অছয় সকল ... ... - ৰঘুপতি। কাকতবোৰ দেখি বিশ্বসিংহে বৰ আনন্দ পায় আৰু নাৰায়ণৰ মৃত্যুৰ বাবে মনত বৰ কষ্ট কৰে। আৰু সেই সময়তে নাৰায়ণৰ বংশধৰ ক'ৰবাত কোনোবা আছেনে খবৰ লয়। তেতিয়া ভোগীৰ মোমায়েক বংশীধৰ ভূঞাই ভাগীনিয়েকক নি ৰজাৰ ওচৰত উপস্থিত কৰে :- “শুনিয়া ৰজাৰ কথা ভাগীনক নিল॥ বিশ্বসিংহ পাশে নিয়া হাজিৰ কৰিলা। ৰঘুপতি। ৰজাই ভোগীৰথক দেখি পৰম আনন্দ পায় আৰু তেওঁৰ তলত গোমঠা ভূঞা পাতে। ‘দেখি মহাৰজা হষিত ভৈল মন। গোমঠা বিষয় পাতিল তেতিক্ষণ। দুই শত মাটি দিলা মহাজৰ কৰি। বিস্তৰ লোকক দিলা দাস দাসী কৰি। পানীখাতী, চাউলখোৱা, বুঢ়াদিয়া। চাৰিখন বিল দিল। ফলিত তুলিয়া।” ৰঘুপতি। ইয়াৰ পাচৰপৰা ভোগী বা ভোগীথ বিশ্বসিংহৰ গোমস্থা হয়। তেওঁ তাপাকেই ৰাজধানী পাতি বিশ্বসিংহৰ তলে কামৰূপ শাসন কৰিব ধৰে। তেওঁ পিতৃৰ দিনৰ হাটি-বাটি পুনৰ বহুৱায় আৰু পূৰ্ব দৰে এক প্ৰকাৰ স্বাধীন ভাৱে কামৰূপৰ শাসন কাৰ্য্য চলায়। এই সময়তো ভোগীৰৰ ক্ষমতা দিন দিম বাঢ়িবলৈ ধৰে আৰু পিতৃ বৈৰী বিশ্বসিংহ প্ৰতি মাসে সময়ে প্ৰতিহিংসাৰ জুই অলি উঠে। ভোগীৰথৰ ক্ষমতা দেখি তেওঁক বহুতে ৰজা উপাধি দিছিল; যেনে- “ভোগীৰ ৰজা দেখি মহাতেজা ইহাকে মাতিগপাছে।” গোবিল বংশাৱলী