কায়স্থ সমাজৰ ইতিবৃত্ত। ৮৷ ৰামচৰণ ঠাকুৰ-মাসাশৌচৰ অন্তত মাতৃ উৰ্বসী দেবীয়ে তেওঁক আনি সুন্দৰীদিয়া সত্ৰত থকা দায়েক এমাধৱদেৱক শোধাই দিয়ে। মাধৱদেৱে দযা পৰবশ হৈ নিজ গোত্ৰ অলম্যান দি তেওঁক গ্ৰহণ অৰে। তেতিয়াৰপৰা ৰামদাস সপৰিবাৰে সুন্দৰীতে একে আৰু ৰামচৰণ শ্ৰীমাধৱৰ লগত থাকি ডাঙৰ হব ধৰে। শ্ৰীমাধৱে গ্ৰহণ কৰা দেখি ৰামচৰণক সকলোৱে “ঠাকুৰ” বুলিবলৈ ধৰে। তেতিয়াৰপৰা এই বংশৰ বংশধৰসকলৰ নামৰ পাচত ঠাকুৰ উপাধিয়ে শোভা কৰিবলৈ ধৰে। ৰামচৰণ ঠাকুৰ শ্ৰমাধৱ দেৱ পুৰুষৰ সদায় সঙ্গত আছিল। মাধৱেই ৰামচৰণক লিখা পঢ়া শিকাইছিল আৰু ধৰ্ম দিছিল। ৰামচৰণ ঠাকুৰে বহুত গীত আৰু গুৰুচৰিত, ৰত্নাকৰৰ পদ, কংশবধ নাট লিখে। এইজনা পুৰুণেই কীৰ্তন-ঘোষা সংগ্ৰহ কৰি এখন পুথিত পৰিণত কৰে। ৰামচৰণ ঠাকুৰে গুৱগাছাত এখন সত্ৰ পাতে। আৰু শেষ কালত তাতেই বাস কৰি স্বৰ্গী হয়। ইয়াতেই তেৰাৰ পদশিলা আছিল। ৯। দৈত্যাৰি ঠাকুৰ-এওঁ বামুনা, নওকাটা, জম্নেত সত্ৰ পাতে। এওঁ এজন ডাঙৰ পণ্ডিত আৰু সাধু আছিল। কোচবেহাৰৰ মধুপুৰ সত্ৰত বাস কৰি তাতেই “গুৰু চৰিত” সংক্ষিপ্তকে লিখে। তেওঁ “শিশুৰাইৰ গীত আৰু প্ৰাদ চৰিত্ৰ নাট ৰচনা কৰে। ১৬৷ পদ্মকান্ত দেৱ-এওঁ এজন সংস্কৃতজ্ঞ পণ্ডিত। এওঁ ভাৰতবৰ্ষৰ বহুত তীৰ্থ পৰ্যটন কৰি বৰ্তমানে কামৰূপৰ দক্ষিণপাৰ অঞ্চলত ধৰ্ম প্ৰচাৰ কৰে। ১৭ শ্ৰীযুত পূৰ্ণকান্ত দেৱ অধিকাৰী বি-এ-শান্ত আৰু বিনীত স্বভাৱৰ লোক। বৰ্তমা•ে স্কুলত শিক্ষকতা কাম কৰে। ১৭৷ এযুত হৰিকান্ত অধিকাৰী -এওঁ নৈষ্ঠিক সাধু পুৰুষ। বৰপেটাত মাধৱদেৱৰ তিথিত এওঁৱেই পিণ্ডদানকাৰ্য্য কৰে। বৰ্তমানে গোৱালপাৰাৰ দক্ষিণ অঞ্চলত এওঁ ধৰ্ম প্ৰচাৰ কৰে। ১৪া গোবিন্দ চন্দ্ৰ অধিকাৰী-এওঁ স্পৃহহীন সাধু পুৰুষ। বামুনা সত্ৰৰ অধিকাৰ আছিল। ১১। মণিৰাম মেধি—সুন্দৰ দিযা সত্ৰৰ ১ম অধিকাৰ। এৱেই সত্ৰৰ নিয়ম আদি শৃঙ্খলা লগায়। ১২। কাণুৰাম মেধি—সুক্ৰীদিয়া সত্ৰৰ ২য় অধিকাৰ। শিৱসিংহ ৰজাৰ দিনত এই না অধিক।বব সত্ৰ চলাবৰ অৰ্থে মাটি আৰু ভকত দিয়ে। তাৰ তামৰ ফলিৰ নকল ইয়াত দিয়া হল। ১৫। বাঁহীৰাম আৰু হাহিৰাম—যুটীয়া অধিকাৰ হয। দুয়ো লগ হৈ গুৰুজনৰ আৰ্হি অনুসাৰে ১০৫ হাত দীঘল ৪২ হাত বহল নামঘৰ সালে; আৰু এটি সুন্দৰ মঠ নিৰ্মাণ কৰে। এই সময়ত ভে টৰ লগত ইংৰাজৰ ৰণ হৈছিল। অধিকাৰদ্বয়ে এই ৰণত গবৰ্ণমেণ্টক যথেষ্ঠ পৰিমাণে সহায় কৰাত ৮৮০ পূৰা নিৰ ভূমি এওঁলোকক দান কৰে। ১৬। ধৰ্মকান্ড দেৱ—ওঁ ১৪ বছৰ বয়সতে অধিকাৰ হয়; আৰু ৮৪ বছৰ বয়সলৈ সত্ৰ চলাষ। ১৭। শ্ৰীযুত ৰাধাকান্ত দেৱ-বৰ্তমান সুন্দৰীদিয়া সত্ৰৰ অধিকাৰ; ১৩২৮ চনত এই পদ লাভ কৰিছে। এওঁ সৰল আৰু সাধু পুৰুষ। ৬। যাকাতদেৱ-এওঁ ডাঙৰ দীঘল, বলী আৰু সুশ্ৰী পুৰুষ আছিল। এওঁ বৰ উদ্যোগী পুৰুযে আছিল। কোনো কোনো সময়ত এওঁ হাবিত সোমাই জীয়াই জীয়াই পহু ধৰি আনিছিল। এওঁ বহুত ঠাইত ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল। .
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩০৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/ca/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80%E0%A6%A8_%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%95%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%B8%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%B0_%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4.djvu/page304-1024px-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80%E0%A6%A8_%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%95%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%B8%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%B0_%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4.djvu.jpg)