কায়স্থ সমাজৰ ইতিবৃত্ত। সামাৰ বংশৰসকলে বাস কৰে। (১) তশ্ৰেণৰ অপৰ নাম গোৱন-কৌশিক গোত্ৰ) তত্ৰেখৰ শ্ৰীহৰি ভূঞাৰ অধস্তন ৪ৰ্থ পুৰুষ। ও কামৰূপ ডাঙৰদিয়াত (বৰ্তমানে “ডাঙৰদি”) নৰনাৰাষণৰ তলে মজুমদাৰ হৈছিল। ডাঙৰদিয়া সম্ভৱতঃ ব্ৰহ্মপুত্ৰৰ এটা ডাঙৰ দিয়া (চাপৰি আছিল। এওঁৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ শিমলীয়া গীৱত বাস কৰে। ২। অন্যান্য কায়স্থ বিষয়া ভুঞা (১) দশৰথ বসুৰ বংশধৰ “বসুবৰুৱা” বংশ। বংশৰ বংশধৰ (১৯) জগৎপতি কোচবিহাৰত ‘মজুমদাৰী” কৰিছিল। এওঁৰ পাচত তিনি পুৰুষে মজুমদাৰী বিষয়কে কোচবিহাৰত কৰে। তাৰ পাচত এই বংশত “বৰুৱা” 'হষ আৰু গোৱালপাৰাৰ ঘুল্লা পৰগনাত আহি বাস কৰে। ঘুল্লা পৰগনাৰ বহুত মাটি এই বংশৰ বংশধৰসকলে ভোগ কৰে। বংশধৰসকল সৰু সৰু জমিদাৰৰ নিচিনা। বৰ্তমানে এই ভূমিৰ বেচি অংশ গৌৰীপুৰ ৰাজাৰ জমিদাৰীৰ ভিতৰত সুমাইছে। এই বংশৰ বংশধৰসকল বৰ্তমানে গোৱালপাৰাৰ গৌৰীপুৰ, সোনাখুলি আদিত বাস কৰে। (২) শালকোচা বৰুৱা ঘৰ। এই বংশৰ ইতিবৃত্ত বিশেষ সংগ্ৰহ কৰিব পাৰা নগল; সম্ভৱতঃ ১৪ ঘৰী কাযস্থ-ভূঞাৰ কোনোবা এজনৰ বংশধৰ। এই বংশৰ মূল পুৰুষ মথুৰানাথ বৰুবা, প্ৰথক বিজনী দেওৱান হয়। তাৰ পাচত শিৱন থ বৰৱা আৰু কাশীনাথ বৰুৱা ক্ৰমে বিজনীৰ দেওৱান হয়। ইবিলাকৰ বিস্তৰ সম্পত্তি, বৰ্তমানেও নিস্কৰ ভূমিৰ আয কেইব। হাজাৰ টকা হয়। (৩) আদিত্যনাৰায়ণ- এওঁ মৈমনসিংহ জিলাৰপৰা আহি কোচৰাজৰ অধীনত চাকৰি কৰে। বংশ পৰম্পৰ। বিজনীৰাজৰ অশয় • থাকি অৱস্থা সচ্ছল বৰে। এই বংশৰ বংশধৰসকল বৰ্তমানে গোৱালপাৰাৰ শালকে চাহ বাস কৰে। (৪) মোহনৰায় ভূঞা এওঁ পূৰ্বপাৰ পৰগনাত বাস কৰিছিল; ইয়াত তেওঁক শিৱসিংহ ৰাজাই ৮• পূৰা নিস্কৰ ভূমি দিছিল। মোহনৰাষ, পাচত পকোবালৈ উঠি যায়। ইষাত বাস কৰিও তেওঁ বিস্তৰ সম্পত্তি উপাৰ্জন কৰে। তেওঁৰ ৪ৰ্থ পুত্ৰ জনাৰ্দনে শিৱসিংহ ৰাজাৰপৰা ৬০ বিঘা নিস্কৰ ভূমি পাইছিল। বংশাৱলীৰ লগত তাৰ নকল দিযা হল। মোহনৰ যৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ পকোৱা আৰু বাইহাটা'ত বাস কৰে। (৫) ৰামচন্দ্ৰ বা ৰামবৈদ্য—এওঁ বিখ্যাত বৈদ্য আছিল; আহোমৰাজ ৰাজেশ্বৰসিংহে ৰামবৈদ্য আৰু তেওঁৰ খুডাক অগস্তিৰ চিকিৎসাত পৰিতুষ্ট হৈ ৮০ বিঘা নিস্কৰ ভূমি দান কৰে। বৰ্তমানে এই বংশ বংশধৰসকল কামৰূপৰ ডিৰোৱা, ক্ষেত্ৰাপাৰ আৰু বদনকুচিত বাস কৰে। (৬) চাৰুভদ্ৰ—এওঁ পৰীক্ষিত ৰাজাৰ হলে গোৱালপাৰাৰ ৰাঙামাটিৰ ওচৰত বৰকায়স্থ আছিল। ৰাজবিপ্লৱত তাৰপৰা আহি কামৰূপত বাস কবে—আৰু বনগাৱৰ জগন্নাথ বৰকাষস্থ সমস্ত সম্পত্তি লাভ কৰে। এওঁৰ বংশধৰসকল বতমানে কামৰূপৰ বনগাৱত বাস কৰে। (৭) ত্ৰিপুৰ ভুঞা—এওঁ গডগাৱৰপৰা কামৰূপৰ শোবলকুচিৰ ওচৰৰ বংশৰত বাস কৰে। আহোম- ৰাজ সিংহই বংশৰত এওঁক সাত শ পূৰা নিৰ ভূমি দিছিল। ত্ৰিপুৰ ভূঞাৰ নাতি ৰামকৃষ্ণেও শিৱসিং ৰপৰা ১০০ পূৰা নিৰ ভূমি লাভ কৰিছিল। এই বংশতেই বিখ্যাত ভথো বৰকায়ৰ (বিচৰণ) জন্ম। এই বংশৰ ভূ-সম্পত্তি বৰ্তমানেও ভালেখিনি আছে। এওঁৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১০০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/ca/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80%E0%A6%A8_%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%95%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%B8%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%B0_%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4.djvu/page100-1024px-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80%E0%A6%A8_%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%95%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%B8%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%B0_%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4.djvu.jpg)