এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
(৩৮)
দিখৌ নৈৰ পাৰতে,
জৰি গছৰ ডালতে
কপৌ যুৰি সাজিলে ঘৰ :
শিলে খুন্দি মাৰিলে
চুৰমাৰ কৰিলে
ধুমুহাত হল অথন্তৰ!
দিখৌ নৈৰ কানতে
কাৰেং ঘৰ বান্ধিলে
সৰ্গদেউ আছিলে চ’ৰা শুৱাই;—
হাবি বনে ঢাকিলে
শেলুৱই ধৰিলে
জহি খহি গলগৈ কালকে ধিয়াই।
দিখৌ নৈৰ দাতিতে
গিৰী-গাঁও বহিলে
ধানে ধনে উভৈনদী;—
ঘৰগিৰী উঠি গল
চিনো নাইকিয়া হল
মানে জানো গল গৈ বধি!
⸺⸺
আহিন,
১৮৫৮ শক