এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰতিধ্বনি
(৩৩)
ওপৰে মেঘাম্বৰ,
ৰভা দি পুৰন্দৰ
অলকা-জীয়াৰীৰ পাতিছে সয়ম্বৰ—
উত্তৰ-পৰেবতে উদুলি-মুদুলি
কুবেৰৰ পদূলিত জলকে বিজুলী,
ঢোলে-ডগৰে আহে পয়োভৰে;
—চমকে বসুন্ধৰী।
নীলা কৈ দূৰণি টিলাটি শুৱনি,
তাতে ৰোহ ধৰিছে, আজি কোন সুন্দৰী?
দখিণৰ কোঁৱৰে উৰি যায় উতৰে
ধুমুহা-বিমান চৰি।
⸺⸺
চ’ত,
১৮৫৫ শক