পৃষ্ঠা:প্ৰচণ্ড.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভিতৰত ডাঙৰ ল’ৰা হিচাপে ছবিলাল ভায়েক গংগাৰাম আৰু ভনীয়েক ছজনীৰ অভিভাৱক আছিল। ছবিলালৰ ভনীয়েক ছজনী ক্ৰমে— অপ্সৰা ভাণ্ডাৰী, তাৰা দাহাল, সীতা অধিকাৰী, কমলা পৌড়েল, বিষ্ণু মায়া ভাণ্ডাৰী আৰু সৰস্বতী পাঠক— আটাইকেইগৰাকীয়ে তেওঁৰ দিহা-পৰামৰ্শ বিচাৰিছিল। একেবাৰে সৰু তিনিজনী ভনীয়েকৰ ভীমসেন নগৰত জন্ম হৈছিল।)

 ঘৰত ডাঙৰ ভনীয়েক অপ্সৰাৰ লগত ছবিলালৰ আটাইতকৈ বেছি ভাল সম্পৰ্ক আছিল। ককায়েকতকৈ তেওঁ তিনি বছৰৰ সৰু আছিল। তেওঁৰ ইতিমধ্যে বিয়া হৈছে। পৰিয়ালৰ স’তে এতিয়া নাৰায়ণ নগৰত থাকে। ককায়েকৰ বিষয়ে তেওঁ কৈছিল—

‘দাই পৃথিৱীৰ ভিতৰতে এজন ভাল ভাতৃ, এজন অতি পৰিশ্ৰমী ব্যক্তি।
স্কুলৰ পৰা আহি তেওঁ সদায় আমাৰ সকলোৰে কাৰণে ভাত ৰান্ধিছিল—
কাৰণ অসুখৰ কাৰণে মা বেছিভাগ সময় বিছনাতে পৰি থাকিছিল।
কোনো কথাতে তেওঁ ওজৰ-আপত্তি নকৰিছিল। ঘৰৰ কাম কৰি উঠি
যিখিনি আজৰি সময় পাইছিল সেই সময়খিনি তেওঁ কিতাপ পঢ়িয়েই
কটাইছিল।’

 অপ্সৰাই লগতে ৰোমন্থন কৰে কিদৰে ককায়েকে ভীমসেন নগৰত তেওঁলোকৰ ঘৰৰ ম’হবোৰ চোৱা-চিতা কৰিছিল। ককায়েকে ম’হবোৰ চোৱা-চিতা কৰিবলগীয়া হৈছিল কাৰণ দেউতাকে সাধাৰণতে ফাৰ্মত নতুবা অন্যান্য ঘৰুৱা কামত ব্যস্ত থাকিছিল। ছবিলালে ম’হকেইটাৰ কাৰণে ঘাঁহ যোগাৰ কৰিবলৈ গাঁৱত ঘূৰি ফুৰিছিল। তেওঁৰ ঘি- দৈৰ প্ৰতি থকা আগ্ৰহৰ কথা গাঁওবাসীয়ে আজিও মনত পেলায়।

 মুক্তিৰাম আৰু তেওঁৰ ককায়েকৰ ল’ৰা কুলপ্ৰসাদে পাঁচ বিঘা মাটিত (এক হেক্টৰ = ১.৬ বিঘা) ঘেঁহু, গোম আৰু ধানখেতি কৰিছিল। চিটৱানৰ সেই গাঁওখনৰ মাটিবোৰ বৰ সাৰুৱা আছিল কাৰণ মাটিখিনিত নতুনকৈ খেতি কৰিবলৈ লোৱা হৈছিল। কাস্কিৰ লিৱাদি গাঁৱতকৈ এই মাটিডোখৰত যথেষ্ট ভাল খেতি হৈছিল। ভনীয়েককেইজনী ডাঙৰ হৈ অহাৰ লগে লগে বোকাৰে বেৰ লিপা তিনিটা কোঠাৰ ঘৰটো চোৱা-চিতা কৰাৰ দায়িত্ব ছবিলালৰ ওপৰত পৰিল আৰু তেওঁ কামটো সুচাৰুৰূপে পালন কৰিছিল।

 ঘৰৰ বাহিৰত কুলপ্ৰসাদৰ ডাঙৰ ল’ৰা নাৰায়ণ ছবিলালৰ বন্ধু আছিল। নাৰায়ণ ছবিলালতকৈ দুবছৰৰ ডাঙৰ আছিল। দুয়ো একেখন স্কুলতে পঢ়িছিল আৰু বেছিভাগ সময় দুয়ো একেলগে কটাইছিল। নাৰায়ণৰ সৰু ভায়েক ৰামচন্দ্ৰ দাহালে এই সন্দৰ্ভত কয়—

‘পৰিয়ালৰ ডাঙৰ ল’ৰা হিচাপে সৰু ভায়েক আৰু ভনীয়েকহঁতৰ মাজত
খুট-খাট কাজিয়া লাগিলে তেওঁ (ছবিলালে) বিচাৰকৰ ভূমিকা লৈছিল।

২০