পেৰিছত এসপ্তাহ আৰু অসম
গুৱাহাটীৰ এটি ট্ৰেভেল এজেণ্টৰ সতে যোগাযোগ কৰিলো। মোৰ পাছপ’ৰ্টত জাৰ্মান, বাংলাদেশ আদিৰ ভিছা সংলগ্ন হৈ থকা বাবে বেছ কিছু কাগজপত্ৰ জমা দিব লগা হ’ল আৰু গোটেই কামটোত বেছ কিছু অভিজ্ঞতা হ’ল। ইয়াৰ আগতে জাৰ্মানী ভ্ৰমণৰ সময়ত সেই দেশৰ চৰকাৰী বৃত্তি লৈ যোৱা কাৰণে বিমানৰ টিকট, ভিছা আদি প্ৰত্যক্ষভাৱে জাৰ্মান চৰকাৰে যোগান ধৰিছিল বাবে গোটেই প্ৰক্ৰিয়াটো মোৰ অৱগত নাছিল। আমাৰ সন্মিলনখনি অনুষ্ঠিত হোৱাৰ স্থান আছিল পেৰিছত থকা ইউনেস্কোৰ কাৰ্যালয়। কিন্তু মোক থাকিবলৈ দিয়া ঠাইৰ কথা শেষ মুহূৰ্তলৈ গম পোৱা নাছিলো। তদুপৰি এলাহাবাদৰ মেহতা গৱেষণা কেন্দ্ৰৰ বিশিষ্ট বিজ্ঞানী ড॰ অশোক সেনৰ বাহিৰে ভাৰতৰ পৰা যাব লগা আন অংশগ্ৰহণকাৰীসকলৰ কথাও গম পোৱা নাছিলো। দ্বিতীয় পৰ্যায়ত মোৰ কাম আছিল পেৰিছ সম্পৰ্কে কিছু তথ্যপাতি যোগাৰ কৰা। ঘৰতে থকা বিশ্বকোষ এখনত পেৰিছৰ এখন কামচলা ধৰণৰ মানচিত্ৰ পালো। ইণ্টাৰনেটত বিচাৰোতে কেৱল পেৰিছৰ ওপৰতে এটি ৱেবছাইট পালো— www.paris.org. পৰ্যটকসকলৰ বাবেই গঢ়ি তোলা এই ৱেবছাইটত পেৰিছৰ ৰাস্তা-ঘাট, ৰে’লপথ, বাছপথ আদিৰ কেবাখনো বিস্তাৰিত মানচিত্ৰৰ উপৰি, ইয়াৰ যোগাযোগ, পৰিবহণ, হোটেল, শিক্ষানুষ্ঠান, সংগ্ৰহালয়, স্মৃতিচিহ্ন আদি সম্পৰ্কে বিভিন্ন আৱশ্যকীয় তথ্য পালো। ইতিমধ্যে আয়োজকসকলে পঠিওৱা ই-মেইলবোৰৰ পৰা গম পালো যে, মোৰ থকা ঠাই হ’ল পেৰিছৰ একেবাৰে দক্ষিণ প্ৰান্তত থকা বুলভাৰ্ড ঝুৰ্দ্যা নামৰ আলিবাটত থকা পেৰিছ আন্তৰ্জাতিক বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহৰ ৩৭ নম্বৰ ঘৰ— ফঁণ্ডাশ্যিঅ ডয়টছ জু লা মিউৰত ই-মেইলবোৰৰ বৰ্ণনা ইমান প্ৰাঞ্জল আৰু স্পষ্ট আছিল যে, পেৰিছত মই থাকিবলগা কোঠাটো চকুৰ আগত ভাঁহি উঠা যেন লাগিছিল: ‘তুমি CDG বিমানঘাটিত বিমানৰ পৰা নামি RER-B ৰে’লৰ ষ্টেচনলৈ যাবা; ই বিমানঘাটিতেই অৱস্থিত। ৰে’লেৰে নগৰৰ পিনে আহি চিটে য়ুনিভাৰ্চেটে’ নামৰ ষ্টেচনত নামিবা। ষ্টেচনৰপৰা ওলালেই তোমাৰ সমুখৰ ৰাস্তাটোৱেই বুলভাৰ্ড ঝুৰ্দ্যা। সেইটো পাৰ হ’লেই পেৰিছ আন্তৰ্জাতিক বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশপথ পাবা। পদপথেৰে অলপ সোঁফালে খোজকাঢ়ি গ’লেই তোমাৰ বাওঁপিনে পাবা ছাত্ৰাবাসৰ ৩৭ নম্বৰ ঘৰটো। ঘৰটোলৈ সোমাই যোৱাৰ সোঁফালে পাবা আদৰণী কক্ষ। তাতেই তোমাৰ কোঠাৰ চাবি সাজু হৈ থাকিব। চাবি দিয়া সময় ৰাতিপুৱা ৮ বজাৰ পৰা আবেলি ৮ বজালৈ।’ অহা-যোৱা আৰু থকা-খোৱাৰ বন্দৱত হোৱাৰ পাচত সকলো অস্বস্তি দূৰ হ’ল আৰু যাত্ৰাৰ বাবে সাজু হ’লো।
৮