এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাপৰি
(২৪)
কলিজাৰ ৰঙা তেজ নাযায় শুকাই সখি
দুপৰীয়া সুৰুযৰ প্ৰখৰ ৰদত,
তগৰে পেলায় কলি, ফুলাত নিদিয়ে বাধা
যদিওবা যায় ঢলি ফুলৰ ভৰত!
( ২৫)
লোৱা তেনে সখি আজি জীৱনৰ শ্ৰেষ্ঠ দান
সত্য হ’ক স্বপ্ন মোৰ, পূৰ্ণ কৰা পণ,
দুখ, দৈন্য, ব্যথা ত্যজি ত্যজি মান-অভিমান
ছাঁয়াই ছাঁয়াই হ’ক কায়াৰ মিলন!
( ২৬ )
ইকি! সখি অভিমান বুজিলো নোলোৱা তুলি
আপোনাৰ শ্ৰেষ্ঠধন কৰিছিলো আগ,
তথাপি আঁতৰি গ'লা, আঁতৰতে ঠেলি মোৰ
যাচি দিয়া যৌৱনৰ আদি পূজা ভাগ।
[ ৯ ]