পাঠ-মালা । ৰায়ে সেই মত চলাবলৈ একে| যত্ন নকৰিছিল । পাচে ইংৰাজী ১৮০৩ শকত বাপেকৰ মৃত্যু হলত স্বাধীন হৈ তেওঁ হিন্দুধৰ্ম্ম সংশোধন কৰিবলৈ ইচ্ছা কৰিলে। ইয়াৰ পাচতে ৰাজকাৰ্য্যত তেওঁৰ মুর্সিদাবাদলৈ যোৱা হল ৷ তাতে থাকোঁতে তেওঁ প্রচলিত হিন্দুধৰ্ম্মৰ অসত্যতা দেখাই ফাৰ্চী ভাষাৰে “একেশ্বৰবাদী সকললৈ দিয়৷ “ভেঁটী” নামেৰে এখন পুথি লিখি প্ৰচাৰিত কৰিলে । এই কাৰ্য্যৰ দ্বাৰা যদিও তেওঁ অনেকৰ অপ্ৰিয় হৈছিল, তথাপি কালৈকে৷ দৃপাত নকৰি তেওঁৰ নিজ-মত প্ৰচাৰ কৰাত আগতকৈও অধিক উদ্যোগী হল ৷ 97 ইং ১৮১৪ শঁ কত তেওঁ কলিকতালৈ আহি খ্ৰীষ্টিয়ান বিলাকৰ বাইবল-শাস্ত্ৰত নো কি সত্য আছে, তাক জানিবৰ ইচ্ছাৰে ইংৰাজী শিকিবলৈ আৰম্ভ কৰিলে, আৰু অলপ কালতে তাত সুনিপুণ হল। ইয়াৰ পাচত এজনা ঈশ্বৰৰ উপাসনা যে বেদৰ সম্মত, তাক সকলোৰে আগত ব্যক্ত কৰিবৰ মনেৰে তেওঁৰ “বেদান্ত” নামেৰে এখন ঘাই হিন্দুশাস্ত্র বঙ্গালী আৰু হিন্দুস্থানী ভাষাৰে প্ৰচাৰিত কৰিলে৷ এই সময়ত তেওঁ উপনিষদ আদি হিন্দু-ধৰ্ম্মৰ আন-আন অনেক পুথিকে৷ ইংৰাজী ভাষাৰে ভাঙ্গি- ছিল, আৰু ধৰ্ম্মৰ বিষয়ে সম্বাদ-পাত্ৰতো অনেক ৰচনা লিখিছিল । তেতিয়৷ ৰামমোহন ৰায়ৰ মতত প্ৰবৰ্ত্তা লোকৰ সংখ্যা অধিক নাছিল ; তথাপি তেওঁ সেই অলপ মানুহৰ সহায়তাৰেই এজনা পৰমেশ্বৰৰ উপাসনাৰ বাট বহলাবৰ মনেৰে কলিকতাত প্রথমে “ব্রাহ্ম সমাজ” স্থাপিত কৰিলে। সেই সভা এতিয়া “আদি- ব্রাহ্মসমাজ” নামেৰে প্ৰখ্যাত। তেওঁ বঙ্গালী ভাষাৰ উন্নতিৰ seathem
পৃষ্ঠা:পাঠ-মালা.pdf/৯০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/98/%E0%A6%AA%E0%A6%BE%E0%A6%A0-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE.pdf/page90-1024px-%E0%A6%AA%E0%A6%BE%E0%A6%A0-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE.pdf.jpg)