মণ্ডল আকাৰে ঘূৰে যত ভক্ত জন।
ৰাজসিক কীৰ্ত্তন বুলি স্বৰূপ বচন |
পৃথিবীত পাৱে পৰি কৰয় কীৰ্ত্তন।
তামসিক কীৰ্ত্তন কহো নিশ্চিত বচন॥ ২৩৭
অনেক সৌভাগ্য সিটো পৃথিবীক পায়।
ভকতিৰ ভাগী নোহে মোক্ষ নপাৱয়॥
দ্ৰব্য অৰ্থ গতি কৰি কীৰ্ত্তন কৰয়।
পূৰ্ব্বৰো আশ্চৰ্য্য গুণ সম্প্ৰতি নোহয়॥ ২৩৮
সন্ধ্যা ভোজনত শ্ৰদ্ধা হেলাত মৰয়।
যোগী ইষ্ট অন্তত সততে লৱয়॥
সহস্ৰ প্ৰভাৱে আবে কীৰ্ত্তন বোলয়।
যুক্তিৰ সাধন নিজ জানিবা নিশ্চয়॥ ২৩৯
একান্ত ভক্তক গুৰু মানিবে নিশ্চয়।
তাহাৰ সঙ্গত প্ৰেম কীৰ্ত্তন কৰয়৷॥
কেৱল পৰম ধৰ্ম্ম তাহাঙ্ক বোলয়।
সত্যে সত্যে কৈলো ব্ৰহ্মা তোমাত নিশ্চয়। ২৪০
বিষ্ণুত বদতি ব্ৰহ্মা স্বৰূপ বচন।
কহিলো তোমাত ময় ভকতি লক্ষণ॥
নহৈবেক ভক্তি ডাকিবেক উচ্চ কৰি৷
তাতে কতো লোকে দেখাই ফুৰিবে বাগৰি॥ ২৪১
ফুকিবেক শিঙ্গ। শঙ্খ কৰিয়া আৰাৱ৷
যেন মতোৱাল সবে হৈবেক স্বভাৱ॥
এহিমতে মন্দ বুদ্ধি হৈবেক নৰৰ।
নহৈব নহৈব গতি কলিৰ যুগৰ॥ ২৪২
পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৪৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
পদ্মপুৰাণ
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/ba/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE_%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%A3.pdf/page49-1024px-%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE_%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%A3.pdf.jpg)