পৃষ্ঠা:নামঘোষা.djvu/৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৭৬ পশু পক্ষি জাতি, তাকে। অনুগ্ৰহ কৰি আচা কৃপাময় । আকে জানি হৰি শৰণ পশিলএ, অামাক তোমাৰ তেজিতে উচিত নয়। ১১৯। তােমাৰ সে নিজ ভৃত্য তৈলে। হৰি, কৃপাৰ সাগৰ তুমি মােৰ নিজ স্বামী। মই অনাথক ন বঞ্চিবা হবিএ, তযু সেৱা ৰস আশা কৰিয়াচা আমি। ১২• বেদৰ গুপুত বৃত্তি নাৰায়ণ এ, দৈবকীত হন্তে সাক্ষাতে ভৈলা বিদিত। জীৱৰ তাৰণ হেতু নাৰা- য়ণ, প্ৰচাৰিলা. নিজ যশ ধৰ্ম্ম বিপৰীত । ১২১ ॥ ভকতৰ বশ্য হুইবাৰ শঙ্কাযএ, যােনা মোক তুমি দাস পৰি- হৰ হৰি। ইতে। শঙ্কা হৰি দূৰতে তেজিয়া, শৈয়েক তােমাৰ ভূতৰ অধীন কৰি। ১২২, তােমাৰ গুণৰ মহিমা দেখিয়া, আন যত কাম দূৰতে তেজি থৈলা। তযু পদ সেৱা ৰসক আশায়, তােমাৰ একান্ত ভৃত্যৰ কিৰ ভৈলা। ১২৩ সহজ কৃপালু গুণক প্রকাশি, ধৰি আচা হৰি ভকতবৎসল নাম । ধেনু যেন মতে বৎসক পালয়, তুমি সেহিমতে ভকতৰ পালা ৰাম i ১২৪ আমি যত জীৰ তোমাৰ পালন, হৰি হৰি হৰি হৰি, তুমি সে পালিয়া ফুৰা হুয়া অন্তর্যামী। আর যেবে নিজ ভৃত্য বুলি পালা, হৰি হৰি হৰি হৰি এ, তবে সে কৃপাল কৃত কৃত্য হও আমি। ১২৫ ॥ তুমি যাক পাল। সিয়ােজন আমি, হৰি হৰি হৰি হৰি এ, সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰে। বহুত। তােমাৰ অধীন হুয়া কেন আমি, হৰি হৰি হৰি হৰি, ভৈলেহে স্বাস্তু ইতো কিনো, অদভুত ॥ ১২৬। তোমাক