পৃষ্ঠা:নামঘোষা.djvu/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৭৫ ) ৰাম ৰম। ১০৮ ॥ হৰিএ করুণা সিন্ধু, জীৱন বন্ধু, গতি- মতি তুমি নাৰায়ণ। তুয়া গুণ নাম ভকতৰ মহাধন ॥ ১০৯ পতিত বুলিয়া মােক হৰি হৰি এৰাম, তেজিতে নােৰা নাৰায়ণ। পৰম করুণা গুণে হৰি হৰি এৰাম, নাম ধৰিচা পতিত পাবন। ১১• দয়াৰ ঠাকুৰ হুয দায়া কেনে ন কৰয়। ৰাম কৃষ্ণ নাৰায়ণ দীন দয়াময়। ১১১। মােক কৃপা কৰা হৰি, দান্তে ধৰে। তৃণ, মাথে ধৰে। তৃণ, তুমি কৃপাময়ক ন জানে। এত দিন ১১২৷ মােকে কৃপা কৰাএ ঐ বন্ধু ৰাম প্রাণ বন্ধু ৰাম, নেপােক মুখে ৰাম কৃষ্ণ নাম, মােকে কৃপা কৰা । ১১৩। পতিত পান বুলি নাৰায়ণ, পৰম প্রতিতে ডাকে আতুৰ হৈযা। তযু বেদবাণী আমি আচেঁ শুনি, মহা পাপী তৰে তযু নাম লৈয়া। ১১৪ ॥ তুয়া গুণ নাম অমৃত আশায়, তোমাৰ চৰণে বিক। গৈলে। মূঢ়মতি। চৰণত ধৰে। কাতৰ কৰে, মই অনাথক ন ' চাড়ি বা যদুপতি। ১১৫। তােমাৰ সেৱক ভৈলোঁ নাৰায়ণ, নিশ্চয়ে, তোমাৰ দিবাক লাগে প্রসাদ। নিজ ভৃত্য কৰি লৈয়ো গোপীনাথ এ, তযু কৃপাময় মিলয় কোন প্রমাদ ॥১১৬। হে দয়াশীল দেৱ দামােদৰ, তােমাৰ চৰণে বােলােহা কাকুতি বাণী । মোক নিজ দাস কৰি লৈলে হৰি, কহিমো কৃপাল তােমাৰ কি হয় হানি। ১১৭ পৰম কৃপালু হৈয়া যদুপতি, কোন অপৰাধে মােক ভৃত্য পৰি হৰা। শাস্ত্ৰতো প্রসিদ্ধ জ্ঞানতো হৰি, যিতো নাম লৰে তাকে মােৰ বুলি ধৰ। ১১৮। জ্ঞানশূন্য অতি,