পৃষ্ঠা:নামঘোষা.djvu/৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৭২ ]


লইলোঁ, দীনবন্ধু দামােদৰএ, হৰি হৰি ন কৰিবা মোক পৰিহাৰ। প্রাণবন্ধু চৰণত ৰাখিয়ো ইবাৰ হৰিএ॥ ৭৪ ॥ পুনু পুনু নৰতনু, লভিয়া তােমাক তেজি, দীনবন্ধু দামো- দৰএ, হৰি হৰি সংসাৰ ভ্ৰমিলোঁ অসংখ্যাত। দীনবন্ধু কত বা কৰিলোঁ আয়াজাত। ইবেলি করুণাময়, তােমাৰ কিঙ্কৰ ভৈলোঁ, দীনবন্ধু দামােদৰ এ, হৰি হৰি ৰতি মােৰ ৰহােক তােমাত। প্রাণবন্ধু চৰণত কৰোঁ প্ৰণিপাত॥ ৭৫॥ মাধৱ মুকুন্দ মুৰাৰি, কি গতি হইব হামাৰ। মায়াৰ ৰচনা আশানদী মাঝে মজিয়া ন পাইলোঁ পাৰ॥ ৭৬॥

 মহিমা॥ ৰামৰ নামেসে অমিয়ঝুৰে । ভকত জন মনোৰথ পূৰে॥ ৭৭॥ ভাল ভাৰসা পাযা আছি হৰি করুণা ময়, ৰাম কৃষ্ণ কৃপাৰ ঠাকুৰ। ৰাম বুলিতে পাপী তৰে, হৰি করুণাময়, সকল আপদ হােৱে দূৰ॥ ৭৮ ॥ ভকত সবে ৰাম নাম গাৱে। কাল মায়া ডৰে তৰতৰাৱে॥ ৭৯॥

 কারুণ্য॥ জয় জগজীৱ মােৰে প্ৰাণ, মােৰ প্রাণধন বান্ধৱ মুৰাৰি। শ্রবণ আনন্দে শুনিচোঁ গােবিন্দ, তুমি দীন দুঃখহাৰী ॥ ৮০॥ মােৰ জীৱধন গােপীনাথ, প্রাণ গােপীনাথ পশিলোঁ শৰণে। মােৰ প্ৰাণ মন, মজিয়া ৰহােক, তােমাৰ চৰণে॥ ৮১ ॥ দুগুটি অক্ষৰ ৰাম নাম, শ্ৰীৰাম নাম অমিয়ামধুৰী ঝুৰে। অতি সুকোমল, পৰম মঙ্গল, সবে মনােৰথ পূৰে॥ ৮২॥ জয় জয় নিত্য নিৰঞ্জন, নিত্য নিৰঞ্জন দেৱ শিৱ সনাতন । পৰম অভয়, তােমাৰ চৰণ, তাপ তিনি বিনাশন॥ ৮৩॥ দয়াশীল দেৱ দামোদৰ, তুমি দীন জন বন্ধু। পতিত পাৱন,