পৃষ্ঠা:নামঘোষা.djvu/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৬৬ ]


কিছু অর্থ তাৰা ন বাঞ্চয়, মহা অদভূত হৰি গুণ নামময়। পৰম মঙ্গল কৃষ্ণ যশ, যাত পৰে আন নাহি ৰস, পৰম আনন্দ সমুদ্রে মজি ৰহয় ॥ ৯৯॥

 ঘােষা ছন্দ ॥ যাদব যদুনন্দন, মাধব মধুসূদন। তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমত লৈলোঁ শৰণ ॥ ১॥ ইবাৰ করুণাময়, হৰি কমলাপতি, মােৰে ন চাড়িবা নাৰায়ণ। অরুণ চৰণ তলে, হৰি কমলাপতি, সত্য সত্য পশিলোঁ শৰণ ॥ ২॥ হৰি চৰণত শৰণ লৈলোঁ এ হৰি নাৰায়ণ । মানবী জনম সফল কৈলো এ হৰি নাৰায়ণ ॥ ৩॥ গােপাল গােবিন্দ যদুনন্দন। কৃষ্ণৰ চৰণে লৈলোঁ শৰণ ॥ ৪ ॥ ৰাঘ- বৰ অভয় চৰণে। সত্যে সত্যে পশিলোঁ শৰণ॥ ৫ ॥ ৰামৰ চৰণে শৰণ লৈলোঁ। মানবী জনম সফল কৈলোঁ ॥ ৬ ॥ হৰি ও হৰি চৰণে লাগোঁ। অভয় চৰণে মাগোঁ॥ ৭ ॥ ৰাম ৰঘুপতি ৰঘুনন্দন। তােমাৰ চৰণে লৈলোঁ শৰণ ॥ ৮৫ ॥

 ভজন ॥ গােপীনাথ গােবিন্দ ৰাম কৃষ্ণ হৰি। ভজোহোঁ তােমাৰ পদ কমলত ধৰি ॥ ৯ ॥ ভজো গােবিন্দ তোমাৰ পায়। মােক ন চাড়িবা সেৱক দায়॥ ১০ ॥ ৰাম কৃষ্ণ গােপীনাথ গােবিন্দ। সেবােহোঁ তযু পদ অৰবিন্দ ॥ ১১ ॥ প্রণতপালক দেব গােবিন্দ। ভজোহোঁ তযু পদ অৰ- বিন্দ॥ ১২ ॥ মােৰ প্ৰভু নাৰায়ণ, হৰি হৰি তোমাৰ চৰণে মনে ভজোঁ। তোমাক ন জানি ভৱসিন্ধু মাঝে মজোঁ॥ ১৩ ॥ ভুবন মােহন ৰাম, ভজিলোঁ তােনাৰ পায়। মহা মহা পাপী, যাৰ নাম জপি, উত্তম পদক পায়॥ ১৪ ॥