পৃষ্ঠা:নামঘোষা.djvu/৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৬৩ ]


 তাৎপৰ্য্য ॥ চাৰি বেদৰ চাৰি অক্ষৰ, সাৰ কাঢ়ি আনি ব্ৰহ্মা দেৱে, বেকত কৰিয়া থৈল নাৰায়ণ বাণী । সেহি নাৰায়ণ নাম লৈয়া, শুদ্ধ কৰাে আমি চিত্ত কায়া, হৰি সন্তোষৰ কাৰণ আন ন জানি ॥ ৭৯ ॥ একে খানি মাত্র শাস্ত্র নিষ্ঠ, দৈবকীনন্দনে কৈলা যাক, দেবো এক মাত্র দৈবকী দেবীৰ সুত। দৈবকী পুত্ৰৰ পদ সেবা, কৰ্ম্মো এক এহি- মানে মাত্র, মন্ত্রো এক তান নাম মাত্র অদভূত ॥ ৮০ ॥ কৃষ্ণ যশে ধৌত চিত্ত হুয়া, সমস্তে ক্লেশক তৰি পুনু, কৃষ্ণ দাসে কৃষ্ণ চৰণ • মুল নেড়য়। সকলে সম্পূর্ণ নিজ গৃহ, পথিক সকলে পায়া পুনু, দুঃখ এড়াই যেন সিতো গৃহ ন চাড়য়॥ ৮১ ॥ সকলে উপনিষদে ধেনু, দোগ্ধা ভৈল তাৰ নন্দসুত, তাৰ বৎস ভৈল কুন্তীসুত ধনঞ্জয়। দুগ্ধ ভৈল মহা গীতামৃত, কৃষ্ণৰ চৰণে দিয়া চিত্ত, সুবুদ্ধি সকলে সন্তাষে পান কৰয়॥ ৮২॥

 বস্তু প্রকাশ ॥ আদি সত্য যুগে শুদ্ধ ধৰ্ম্ম, আচিলেক মাত্র হরিনাম, দেব সবে গুপ্ত কৰিলে কপট। হেন হৰি-নাম ব্যক্ত কৰি, সমস্তে লােকক উদ্ধাৰিলা, শ্রীমন্ত শঙ্কৰে ভাঙ্গিলা সবাৰো কপট ॥ ৮৩॥

 আশ্রয় ॥ নোহো জান আমি চাৰি জাতি, চাৰিয়ো আশ্রমী নােহা আতি, নােহো ধর্ম্মশীল দান ব্রত তীর্থ- গামী। কিন্তু পূৰ্ণানন্দ সমুদ্রৰ, গােপীভৰ্ত্তা পদ কমলৰ, দাসৰ দাসৰ তান দাস ভৈলোঁ আমি ॥ ৮৪ ॥

 প্রশংসা ॥ সেহি ধন্য লােক শুচিমন্ত, সর্ব্ব গুণে