পৃষ্ঠা:নামঘোষা.djvu/৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ৫৫ ]


ৰাজ ঋষি তনু আছা পাই, অনিত্য অসুখ লােক জানি, অতি শীঘ্ৰে মােক ভজা সখি ধনঞ্জয় ॥ ২৩॥ মােত মাত্র সদা দিয়া মন, মােৰ ভক্ত হােৱা সর্ব্ব ক্ষণ, মােকে পূজা মাত্ৰ মােক কৰা নমস্কাৰ । কহিলো তোমত সত্য বাণী, পাইবা সুখে মােক মহামানি, তুমি প্রিয়তম সুহৃদ সখি আমাৰ ॥২৪॥ ভগৱন্ত, দেৱ নিগদতি, শুনিয়ে অর্জ্জুন মহা মতি, তােমত কহঁও পৰম ইতো ৰহস্য। ঐশ্বৰ্য্য বিভূতি বলে সমে, জানে মােক যিতো নৰোত্তম, সিয়াে ভৈল মােৰ ময়ো ভৈলোঁ তাৰ বশ্য ॥২৫॥ অসমূঢ় ভাৱে যিতাে জনে, উত্তম পুরুষ মােক জানে, তাকে সর্ববেত্তা বুলিয় সখি অৰ্জ্জুন। সিতো সয়স্তকে পৰিহৰি, কায় মনো বাক্যে যত্ন কৰি, ভজয় আমাক পুরুষ নিপুণ॥ ২৬ ॥ মােত হন্তে হােৱে চৰাচৰ, মেতেসে প্রৱৰ্ত্তে নিৰন্তৰ, ইহাকে অর্জ্জুন জানে জিতো মহাজন। পৰম বিবেকী সিতো জন, মােৰ ভাৱে যুক্ত হুয়া মন, মোকে মাত্র ভজে শ্রবণ কৰি কীৰ্ত্তন॥ ২৭ ॥ মােতেসে কেৱলে দিয়া চিত্ত, মােতে মাত্র প্রাণ অর্পিনিত, অন্য অন্য মিলি মােকেসে বােধ কৰাৱে। মােকে মাত্র কহে সৰ্ব্বক্ষণে, পৰম সন্তোষ লভিমনে, আনন্দ সাগৰে মজি ৰহে প্রেম ভাৱে ॥ ২৮॥ ৰহস্যক জানে যিতো লােক, সততে কীৰ্ত্তন কৰে মােক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। মোৰ সৰ্বোত্তম দুই পাৱে, কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰ মােৰ এডা এড়ি নাহি কদাচিত॥ ২৯ ॥ মাধৱে কহন্ত অৰ্জ্জুনত, শুনা ইতাে,পৰমাৰ্থ তত্ত্ব, ভকতেসে মােৰ .