পৃষ্ঠা:নামঘোষা.djvu/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
[ ৫৩ ]


শাস্ত্ৰ সাৰ, সকল সম্পত্তি জানা তাৰ, হৰি ভক্তি ৰসে সন্তোষ মন যাহাৰ। চৰ্ম্মৰ নিৰ্ম্মিত পানৈ যুৰি, চৰণ ঢাকিল যিতো জনে, যেন সবে ভূমি চৰ্ম্মাবৃত ভৈলতাৰ ॥ ৯॥ অন্তৰত এক ঈশ্বৰক, দেখিযোক নানা বাহিৰত, বােধ বাহি- ৰত জড়প্রায়। বুদ্ধিত সমস্তে তেজিয়োক, বাহিৰত সঙ্গ দেখায়োক, এহি ভাবে ৰাম লোকত ফুৰা বেড়ায়॥ ১০ ॥

 ছবি ॥ অবিৰক্ত ভকতৰ, বেদ লঙ্ঘিবাৰ দোষ, জানি- বাহা ইহাক নিশ্চয। পৰম বিৰক্ত যিতো, কৃষ্ণৰ ভকত ভৈল, তাৰ একো নাহিকে নির্ণয় ॥ ১১ ॥

 লেচাৰি ॥ তাৰত কৃষ্ণৰ ভক্ত নৰে ভক্তি অবিৰােধী কৰ্ম্ম কৰে, কৃষ্ণৰ কথাত ৰতি যাবে নুপজয়। যেবে ভৈল কৃষ্ণ কথা ৰত, নিত্য নৈমিত্তিক আদি যত, কথাৰ বিৰােধী জানিযা সবে তেজয॥ ১২॥ সমস্ত তপক আচাৰোক, পডােক পৰ্ব্বত উঠি যত, তীর্থত ভ্ৰমোক পঢ়োক বেদ নিচয়। যজোক সমস্ত যজ্ঞচয, সেগক জানােক সমস্তয়, হৰি বিৰে কদাচিতো মৃত্যু ন তৰয। ১৩ ব্যাস নিগতি লুব্ধমতি, গুনিয়ে আনন্দে কর্ণ পাতি, পেঁও উপদেশ উদ্ধ বাহু উচ্চ কৰি। এহিমানে মাত্র মহা মন্ত্র, সংসাৰ দুৰ্ঘাৰ 'বিষ হানী, নমাে নাৰায়ণ বুবিয়েক মুখ ভৰি। ১৪। সকল নিগম কল্প তরু, তাৰ ফল মহা ভাগত, শুক মুখে সি ভূমিত ভৈলবিদিত। ৰসত চতুৰ যিতোজন, কৃষ্ণৰ চৰণে দিয়া মন, পৰমসন্তোষে পীয়েক ফল অমৃত ॥ ১৫ হৰিক তত স্মৰা প্ৰজা, সমস্ত পুণৰ ইসে ৰজা, হৰি মৰিলে যেৰে ভৈল