পৃষ্ঠা:নামঘোষা.djvu/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ৪৭ ]


যদুমণি। ৰাম কৃষ্ণ নাম মহা পাপৰ অগনি॥১০৬॥ ৰাম কৃষ্ণ নামৰ মহিমা অদভুত। নিকট চাপিয়া কি কৰিবে যম দূত॥১৭॥ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ। ভাবিতে পৰম সুখ ভয় নাহি আৰ॥১০৮॥ ৰাম কৃষ্ণ নাম সৰ্ব্ব সুখৰ নিবাস। ৰাম কৃষ্ণ ভাবিতে কৃষ্ণৰ পাই পাশ॥১৯॥আপুন নামৰ সঙ্গ নচাড়ন্ত হৰি। যেই নাম সেই হৰি জান নিষ্ঠ কৰি॥ ১১০॥ ৰাম নাম সম ধৰ্ম্ম নাহিকে নিগমে। যিতো সদা বোলে আমি কি কৰিবে যমে॥১১১॥হৰি চৰণত প্ৰেম মিলিল যাহাৰ। অন কোন সম্পত্তি হৰিয়ো ভৈল তাৰ॥১১২॥কৰ্ণাঞ্জলি পীযা হৰি চৰণ অমৃত। হৰিৰ নিকট পাৰে হোৱে কৃতকৃত্য॥১১৩৷। মাধৱৰ নাম গুণ কীৰ্ত্তন কৰিয়া। হৰিক পাৱয় সুখে মৃত্যুকে তৰিয়া॥১১৪॥ হৰিনাম কীৰ্ত্তনত নাহি একো হানি। শুনন্তে অমৃত স্ৰাৱে ৰাম কৃষ্ণ বাণী॥ ১১৫॥ যাৰ মুখে ৰাম বাণী আসে সৰসৰি। জানিবা নিশ্চয় তাৰ বশ ভৈল হৰি॥১১৬॥ হৰি যাৰ বশ্য তৈল তাৰ কিবা ৰৈল। হৰিৰ কৃপাৰ পাত্ৰ সিসি জন ভৈল॥১১৭॥ৰাম কৃষ্ণ নামৰ কল্লোল বোল শুনি। বেঙ্কা মুয়া যমদূত পলাৱে আপুনি॥১১৮॥আত্ম উপদেশ॥ হৰি নাম এৰি মন কি কাম কৰস। মায়া মোহ জালে পৰি মিছাত মৰস॥১১৯॥ হৰি নাম ধৰ মন আলাস ন কৰ। আশা নাম নদী মাঝে মিছাত নগৰ॥১২০॥ ৰাম নাম লৈয়ো