পৃষ্ঠা:নামঘোষা.djvu/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩৭ ] শাস্ত্ৰৰ সাৰ। ২১৫ হৰি কথা ৰস, নির্মল অমৃত, যিতো জনে পান কৰে। সংসাৰ মধ্যত, সিসি জন মা, সফল জনম ধৰে। ২১৬ | হৰি নাম ৰসে, বৈকুণ্ঠ প্রকাশে, প্রেম অমৃতৰ নদী। শ্ৰীমন্ত শঙ্কৰে, পাৰ ভাঙ্গি দিলা, বহে ব্ৰহ্মাণ্ডক ভেদি ॥ ২১৭। গােবিন্দৰ প্রেম, অমৃতৰ নদী, বহে বৈকুণ্ঠেৰ পৰা। চাৰি পুরুষার্থ, তাহৰ নিঝৰা, হবি নামে মূল ধৰ।। ২১৮। হৰি ভক্তি দান, দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু। হেনয় কৃপালু, শঙ্কৰ বিনাই, নাহি নাহি আৰ বন্ধু ॥ ২১৯ ৫ হৰি ভৰুতিৰ পাতিলন্ত হাট, শঙ্কৰে জগত জুৰি। ৰাম নাম ৰত্ব, বিকাযা জগতে, চলয় বৈকুণ্ঠপুৰী। ২২০। শ্ৰীমন্ত শঙ্কৰ, হৰি ভকতৰ, জান জেন কল্পতরু। তাহান্ত বিনাই, নাই নাই নাই, আমাৰ পৰম গুরু। ২২১। নিবেদন। কতনে অমােঘ, অপৰাধ হৰি, কৰিষা আচো প্ৰচুৰ। বুদ্ধিত থাকিয়া, নেদাহা সুবুদ্ধি, কৃপাৰ হয়। ঠাকুৰ। ২২২ যিহেতু তােমাৰ চৰণ পঙ্কজে, নভজিলে। নাৰায়ণ। সিহেতু অনাদি, অবিদ্যা আমাৰ, কৰিল জ্ঞান উচ্ছন্ন ॥ ২২৩। তুমি নিজ পিতৃ, গুরু, ইষ্ট দেৱ, নভতো তােমাৰ গৱে। এহি দোষে মােক, যম দূতে ধৰি, যাতনা দুঃখ ভুঞ্জাৰে। ২২৪। তুমি প্রিয় আত্মা, পৰম দেৱতা, তােমাত ভৈলােল বিমুখ। এতেকে তোমাৰ, মায়াযে আমাক, দিলেক সংসাৰ দুঃখ। ২২ কলিকৰ্ম্ম নির্ণয় । সত্যাদিৰ লােকে, কলিতজনম, বাঞ্ছা কৰে নিৰন্তৰ হৰিগুণ গায়া, নিশ্চয়ে কলিত, হৈবে