পৃষ্ঠা:নামঘোষা.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৯ ]

হৰিৰ চৰণ, সদা আৰধন্ত, ব্রহ্মা হৰ পুৰন্দৰ। হেন হৰি পদে, শৰণ নলৱে, কিনো বুদ্ধি হীন নৰ॥ ১২৫॥ মৃত্যুৰ মুখত, সদায়ে পৰিয়া, আচয় যিসব নৰে। সিতো নিদা- রুণ, হৰি নাম গুণ, কীৰ্ত্তন কেনে নকৰে॥১২৬॥ ভাৰত ভূমিত, জনম লভিয়া, নভজে হৰি চৰণে। সিতো জ্ঞান শূন্য, পশুতো অধম, জনম লভিল কেনে॥ ১২৭॥ মুকুতি মুখকো, তেজি মহাজনে, সদা ৰাম নাম ধৰে। হেন ৰাম নাম, মুখত তেজিয়া, কুমতি মনুষ্য মৰে ॥১২৮॥ মুকুতি সুখকো, তেজি মহাজনে, ৰাম নামে কৰে আশা। হৰি নাম, নলৈযা কেমনে, মৰে মপ মতি নাশা ॥ ১২৯॥ মুখ ভৰি ভৰি, বােলা ৰাম হৰি, অক্ষয পুণ্যক সঞ্চা। ৰাম না ভাবিযা, আন আচৰিযা, কেনে আপুনাক বঞ্চা॥ ১৩০॥ হৰি কীৰ্ত্তনৰ, সময়ে যিজনে, থাকে আন কথা পাতি। অন্ত কালে নিযা, যম দূতে ধৰি কৰে তাক উগ্র শাস্তি ॥ ১৩১॥ বেদৰ ৰহস্য, হৰিৰ কীৰ্ত্তন, নুশুনিলে সাবধানে। যমৰ কিঙ্কৰে, তপত শলাক, বাহৱে তাহাৰ কানে॥ ১৩২॥ আনন্দ সমুদ্র, হৰিৰ কীৰ্ত্তনে, যিতো জনে নেদে চিত। সিতো, মূঢ় মতি, হৰিৰ দুর্ল্লভ প্রসাদে ভৈল বঞ্চিত॥ ১৩৩॥ মুকুত সকলো, হৰিৰ কীৰ্ত্তনে, কৰন্ত সদাযে ৰতি । হেন কীৰ্ত্তনত, যিতো চিত্ত নেদে, যাইৰে সিতো অধােগতি॥ ১৩৪॥ কলিত জনম, লভিয়া হৰিৰ, নাম নকৰে ৰতি। সিতো মুঢ় মতি, আন কেন মতে, সাধিবে আপুন গতি॥ ১৩৫॥ শবদ ব্ৰহ্মৰ, পাৰ ভৈল