পৃষ্ঠা:নামঘোষা.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৫ ]

হৰি, গােবিন্দ বুলিয়া, ৰাখিয়ো যমৰ দাই॥ ৭৯॥ ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি ৰাম। ৰাম কৃষ্ণ হৰি, বুলিয়া তেজিয়ো, ধৰ্ম্ম অর্থ মােক্ষ কাম॥ ৮০ ॥ অজ্ঞান আন্ধাৰে, পৰিয়া জীৱৰ, জ্ঞান পথ ভৈল নাশ। নাম অঞ্জনিয়া, বিনে আনমতে, ন পাৱে হৰিৰ পাস ॥ ৮১॥ ৰাম কৃষ্ণ নাম, অমৃত সাগৰে, যিতো জন কৰে কেলি। তৃণ সম কৰি, সিতাে মহাজনে, মুকুতিকো থ’ৱ ঠেলি॥ ৮২॥ হৰি পদ মহা, থালি ৰাম নাম, অমৃতে আছে ভৰিয়া। কপট ঢাকন, ভাঙ্গি আৰে ভাই, সন্তোষ হুযোক পীয়া ॥৮৩॥ মহন্ত সবৰ, সঙ্গে ৰাম নাম, লৈয়ো অঞ্জনিয়া কৰি। কপট দুবাৰ, চিড়িয়া হৃদয়, ভাণ্ডাৰে দেখিযো হৰি॥ ৮৪॥ ৰাম কৃষ্ণ ৰাম, কৃষ্ণ ৰাম কৃষ্ণ, ৰাম কৃষ্ণ ৰাম হৰি। আলাস তেজিয়ে, জপিয়ো হৰিক, জানি এক মন কৰি॥ ৮৫ ॥ মহন্তৰ সঙ্গে, সদাযে মুখত, নচাৰিবা হৰি বাণী। তেবেসে চঞ্চল, দুৰাচাৰ মন, হৈবে আসি এক জানি॥ ৮৬॥ বোলা ৰামহৰি, গোপাল গােবিন্দ, মুকুন্দ যদু মুৰাৰি। নিত্য নিৰঞ্জন, যাৰ এক নামে, ভৱ তৰিবাক পাৰি॥ ৮৭ ॥ ৰাম কৃষ্ণ হৰি, বোল শুন ভাই, অন্যায় নকৰ মনে। চৈধ্য সাক্ষী সমে,যমৰ দেৱান, দেখিযোক সৰ্ব্বক্ষণে॥ ৮৮ ॥ ভজিয়ো হৰিৰ, চৰণ পঙ্কজে, তেজিয়া অন্যত্র কাম। সমস্ত ধৰ্ম্মৰ, ফল রূপ জানি, নেৰিবা হৰিৰ নাম ॥ ৮৯॥ পীযু পীযু ভাই, ভাৱক সকল, হৰি নাম ৰসসাৰ। যাক পায়া মহা, মহন্ত করয়,মুকুতিকো পাঘহাৰ॥ ৯০॥ শুনিয়া সজ্জন, ভজা নাৰায়ণ,