পৃষ্ঠা:নামঘোষা.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬]


পৰিবাৰ সমে, তৰ্কশাস্ত্ৰী পলাই হুয়া ভয়॥ ৪৪॥ স্মৰহু গোবিন্দ মূঢ়, বোলহু গোবিন্দ মূঢ়, ভজহু গোবিন্দ সৰ্ব্বক্ষণে। মৰণ সময় পাইলে, গোবিন্দে সে ৰাখিবন্ত, নৰাখিবে ডুকৃঞ কৰণে॥ ৪৫॥ ঈশ্বৰ কৃষ্ণক যিতো, অন্য দেৱতাৰ সম, বোলয় অধম মূঢ় মতি। চোৰাশি নৰক ভুঞ্জি, পাপৰ যোনিত সিতো, অবশ্য হইবেক উতপতি॥ ৪৬॥ মায়া আদি কৰি যত, সমস্ত জগত জড়, কৃষ্ণে সে চৈতন্য আত্মা শুদ্ধ। চৈতন্য কৃষ্ণক এড়ি, জড়ক ভজিয়া মৰে, কিনো লোক অধম মুগুঢ॥ ৪৭॥ তপ জপ তীৰ্থ ব্ৰত, যাগ যোগ যজ্ঞ দান, কাকো নুসুমৰে মৃত্যু বেলা। মৰন্তা জনক বেঢি, বোলে সবে ৰাম যে, হেন নামে এতিক্ষণ হেলা॥ ৪৮॥ পৰ লোক সময়ৰ, বান্ধব হৰিৰ নাম, সব এড়ি যিহেতু সুমৰে। এতিক্ষণে কিকাৰণে, হেনয় হৰিৰ নাম, মলমতি নৰে, নুসুমৰে॥ ৪৯॥ দুৰ্ঘোৰ সংসাৰ ইতো, ব্যাধিৰ ঔষধ মহা, তেজি হৰি নামক সম্প্ৰতি। কমন উপায়ে আন, পণ্ডিত সকলে আবে, লভিবেক আপুন মুকুতি॥ ৫০॥ লভিয়া মনুষ্য তনু, যিসব পণ্ডিত নৰে, নসাধিলে গতি আপুনাৰ। কোটি জনমক লাগি, সংসাৰ সাগৰ মজি, ফুৰিবেক ভুঞ্জিয়া নিকাৰ॥ ৫১॥ গোবিন্দক নাৰাধিয়া, কোন কালে কদা- চিত, সুখী হুয়া আছে কোনজন। হেন শিক্ষা মনে ধৰি, ডাউকে বোলয় সদা, কোৱা কোৱা কুবাক্য বচন॥ ৫২॥ শঙ্কৰে সে শুদ্ধমত, ঈশ্বৰ ভক্তিৰ তত্ত্ব, প্ৰচাৰিল শাস্ত্ৰ সাৰ জানি। ইহাক নজানি নৰে, জিবিকাৰ অথে ফুৰে, আপু