পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ]

[ ৩ ] সংসাৰ মায়াৰ জাল নিশাৰ সপোন, ভাবি যোগ দিয়। ব্ৰহ্ম-চৰণত মন ।। পদুম পাতৰ পানী অথিৰ তৰল । মানৱ জীৱনে৷ হায় সদায় চঞ্চল | মৃত্যু আছে কেশে ধৰি, ভাবি সদা মন । পূৰ্ণ ব্ৰহ্ম সত্য ৰূপে হোৱ| হে মগন । কাম ক্রোধ লোভ মোহ দিয়৷ বিসর্জন। নিজক বিচাৰি চোৱাঁ ভাই তুমি কোন ? লৰা, আছা বিভোৰ সদায় ধেমালীত ডেকা, গাভৰুক নই মগন প্ৰেমত ॥ বুঢ়া, এলেহুৱা আছাঁ চিন্তাত মগন । পৰম ব্ৰহ্মত ভাই কোন নে৷ লগন ? ৫০৪৮/অঃ নিশা দিন বাতিপূৱা সন্ধিয়া সময়। মধুৰ বসন্তকাল আহে আৰু যায় । কালৰ গতিৰ লগে সদ৷ টুটে আয়ু । তেওতো নেযায় হায় ! কূট আশা বায়ু ॥ ৭৯ ॥ ৰাগিণী ঝিঁঝিট-তাল কাৱালী। চোৱাহে চোৱা চকু মেলি নাথ, গুছুৱ। সত্তাপ। মহা পাপী, অপৰাধী মই হে অনাথ, এই পৃথিবীৰ মাজে, কোন আছে তোমা বাজে, যি আহে হিয়া-সৰোজে ঘোৰ বিপদত ৷৷ 07