পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছে প্ৰভুৰ গাত কিমান বল আছিল। প্ৰভুয়ে দুৰ্দ্দান্ত ষাঁড়কো মৰ্দ্দন কৰিছিল। আমি ডেকা কালত কামৰূপত কাম কৰোঁতে যি সকল কায়স্থ, কলিতা বন্ধু আৰু মানুহ পাইছিলোঁ সেই সকলৰ ভিতৰতো অনেকৰ গাৰ গঠন আৰু চেহেৰা বলী দেখিছিলোঁ। আমাৰ বয়সৰ সকলে মনত কৰি চাওকচোন ৺গোবিন্দ ৰাম চৌধাৰী, ৺ললিত ৰাম চৌধাৰী, ৺চানাৰাম পেস্কাৰ, ৺পৃথুৰাম চৌধাৰী, ৺হৰদত্ত চৌধাৰী, ৺ভবানন্দ চৌধাৰী আৰু বৰ্ত্তমান কালতো পেঞ্চন ভোক্তা চিৰস্তাদাৰ শ্ৰীযুত গোপালচন্দ্ৰ চৌধাৰী, শ্ৰীযুত মাধব ৰাম চৌধাৰী, এই সকল কেনে ওখ, ডাঙ্গৰ দীঘল, হটঙা আৰু সভা শুৱনি মানুহ। এই সকলৰ পূৰ্ব্ব পুৰুষ সকল যে আৰু ডাঙ্গৰ দীঘল বলী আছিল তাত অকণো সন্দেহ নাই। হৰদত্ত চোধাৰীৰ ঘৰ আমি পাতনিত উনুকিওৱা সেই জিকেৰিতে আছিল।
       জিকেৰি অৰণ্যত আমি যি চিন চাব দেখিছিলোঁ তাৰ পৰা অনুমান কৰোঁ—হৰদত্ত চৌধাৰীৰ হাউলি এই লেখিয়া আছিল:-
       তেওঁৰ হাউলিৰ পূব আৰু দক্ষিণে পুঠিমাৰি নৈ অৰ্থাৎ নৈখন প্ৰথমতে দুইমাইলমান ওপৰৰে পৰা উত্তৰ দক্ষিণাকৈ বই তেওঁৰ হাউলিৰ কাষৰে পৰা ভাজ খাই পচিম মুখে ঘূৰিছে আৰু এই নৈয়েই হাজোৰ ওচৰত চেচা নাম পাইছে।