পৃষ্ঠা:ডৰিয়লি.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘অসম স্বাধীন হ’বই— আমাৰ মৃত্যুৰ পাছত হ’লেও। এই সংগ্ৰাম অথলে নাযায়।’— দিহাঙে প্ৰত্যয়েৰে কৈ উঠিব খোজে। কিন্তু তাৰ মাতটো থোকাথুকি হৈ যায়।

 সংগঠনৰ আন্তঃগাঁথনি সম্পৰ্কীয় নয়নহঁতে অনা তথ্যবোৰে দিহাঙক অসন্তুষ্ট কৰিলে। গৈৰিক বৰ্মন নামৰ স্থানীয় যুৱকজনক গুৱাহাটীত পুঁজি সংগ্ৰহৰ বাবে নিয়োজিত দলটোৰ দায়িত্ব দিয়া হৈছে। গৈৰিকক দিহাঙে আগৰে পৰা জানে। দিছপুৰীয়া বহুকেইজন দালালৰ লগত তাৰ অতি ঘনিষ্ঠ সম্পৰ্ক। নয়নে অনা খবৰ মতে সংগঠনৰ পৰিচয় দি দাদাগিৰি কৰাৰ অভিযোগো আছে তাৰ বিৰুদ্ধে। আনহাতে, লক্ষীপথাৰৰ শিবিৰত থকা সংগঠনৰ নিজা কাৰাগাৰৰ ভিতৰচ’ৰাৰ লোমহৰ্ষক বৰ্ণনাই দিহাঙৰ চকু ডাঙৰ কৰি দিলে। সভ্য মানুহে এনে বৰ্বৰ কাম কৰিব পাৰেনে? চকু উলিয়াই, হাত কাটি মানুহ হত্যা কৰিবলৈ কেনেদৰে নিৰ্দেশ দিব পাৰে সংগঠনে? বিপ্লৱী আৰু বৰ্বৰ হত্যাকাৰী এজনৰ মাজত তেনেহ'লে পাৰ্থক্যই বা থাকিব ক’ত! জাতিদ্ৰোহী এজনক যদি হত্যাই কৰিব লাগে, তেনেহ’লে বন্দুকৰ দুটা গুলীয়েই যথেষ্ট নহয়নে?

 ইয়াৰ লগতে অসমত থকা ভাৰত ৰাষ্ট্ৰৰ হিন্দীভাষী নাগৰিকৰ বিৰুদ্ধে ভাবুকি আৰু হত্যাৰ যি কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে সেয়াও চিন্তনীয়। খাটি খোৱা মানুহৰ পৰিৱৰ্তে অসমৰ ধন বাহিৰলৈ নি থকা বণিকসকলকহে ভাবুকি দিয়াৰ পক্ষপাতী আছিল দিহাং।

 সকলো খবৰ গুৰুত্বসহকাৰে শুনি নথি-পত্ৰখিনি বিছনাৰ তলত গাঁত খান্দি থোৱা প্লাষ্টিকৰ বাকচত ভৰাই থ’লে দিহাঙে।

 সি যেন কিছু হতাশ হ’ব খুজিছিল। সিহঁতৰ বিবেকবোৰক এনেদৰে বিক্ষিপ্ত ভাবনাৰ মাজলৈ লৈ যোৱা সংগঠনৰ এচাম নেতাৰ বিৰুদ্ধে তাৰ ক্ষোভ জমা হৈছিল। চি এইচ কিউত স্পষ্টভাৱে সকলো কথা ক’বলৈ সি সাজু হৈ থাকিল।


 অসমীক কোলাত লৈ আহি নয়ন দিহাঙৰ কাষতে বহিলহি।

 ‘...এই বৰ এজনী হ’ল দেখোন ছাৰ!’— অসমীৰ গাত হাত বুলাই বুলাই নয়নে ক’লে। দিহাঙে একো নামাতিলে। নয়নৰ বাহু আৰু মুখত মূৰেৰে খুন্দিয়াই অসমীয়ে বুজালে তাই তাৰ কোলাৰ পৰা নামিব বিচাৰিছে।

 নয়নে তাইক নমাই দিলে। অসমীয়ে দিহাঙৰ গাত গা ঘঁহালেহি।

 তাই লেঙেৰাই লেঙেৰাই খোজকাঢ়িব পৰা হৈছে। শিবিৰৰ ইমুৰৰ পৰা সিমুৰলৈ লেঙেৰাই লেঙেৰাই ঘূৰি ফুৰে অসমী। তাই বুজি পাইছে— ইয়াত থকা মানুহবোৰৰ পৰা তাই একো অসুবিধা নাপায়। শিবিৰৰ সকলোৱে মৰম কৰে অসমীক। পাল পাতি

১৩৯