পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডেচ্‌দিমোনা

১৫

 “উচিত নহয় আৰু এই জগতত॥
 *  *  *  *
 “ডেচ্‌দিমোনা! প্ৰাণপ্ৰিয়া! ওথেলোৰ প্ৰাণ!!
 “লোৱাঁ, প্ৰিয়ে! কৰাঁ এয়া সাদৰে গ্ৰহণ
 ‘সংসাৰৰ ভালপোৱা, স্বামীৰ মৰম,
 “জীৱনৰ প্ৰতিদান! প্ৰেম পৰিণাম॥”
 এই বুলি কৈয়ে, সতি! হিয়াত তোমাৰ
 তৰোৱালে স’তে ঘাপ মাৰিলে দুবাৰ॥

   (১৭)
 কান্দি উঠে প্ৰাণ, ডেচি! হিয়া ফাটি যায়!
 অথিৰ অবিৰ হই ঘোৰ যন্ত্ৰণাত
 ধৰ্ ফৰ্ ধাৰ্ ফাৰ্ কৰিলা বহুত
 বোৱাই তেজেৰে নই শোৱনী কোঠাত!!
 “কি হ’ল? কি হ’ল?” বুলি আহিলে সোমাই
 ইয়াগোৰ পত্নী, সখী অমিলী (৮) তোমাৰ;
 ভয়ঙ্কৰ কাণ্ড দেখি, কান্দিব’ ধৰিলে
 ইনাই বীনাই টুকি চকুলো দুধাৰ॥


(৮) Emilia.....Iagoৰ ঘৈনিয়েক। এওঁ ডেচ্ দিমোনাৰ সখী। এৱেঁই গিৰিয়েকৰ ফুচুলনিত ডেচ্ দিমোনাৰ ৰুমালখন চুৰ কৰি আনি Iagoৰ হাতত দিয়েহি।