পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পাতনি।
(সমাজিক)

  চ'ত মাহ। প্ৰকৃতি ধায়ে ছমহীয়া টোপনিৰ পৰা খকমক, কৰে উঠি আলাসৰ লাব, কোলাৰ কেচুৰা, মৰমৰ সন্ততি, ‘পথিবীক' লাহৰী হাতেৰে আঁকোৱালি ধৰি পুতৌ কৰিছে। খৰকালিৰ খচকনিত ঠেতুৱা ধৰি পেপুৱা লাগি থকা পথিবীৰ-গাৰ-নোম, গছগছনি বিলাকৰ আঁহ-পাঁহ মুকলি হৈ ঠন ধৰি ধৰি উলাহতে শিয়ৰি উঠিছে; আৰু, সেই বাবেই সিহঁতে যেন নিফুট মাতেৰে গুণগাই ধাঈমাকৰ নথৈ শলাগ লৈছে। লগে লগে প্ৰকৃতিৰ ঘাই গিৰীহঁত বিশ্ব-খনিকৰক আঁজলিয়ে আঁজলিয়ে ৰঙা, বগা, সেউজীয়া, হালধীয়া নানা তৰহৰ ফুল দি হিয়া-তলি উদিয়াই যেন ভকতি জনাইছে আৰু বতাহৰ হেন্দোলনিত নিমিষে নিমিষে যেন মূৰে দোৱাঁই দোৱাঁই তেওঁক সেৱা কৰিছে। ফলে বিলাকেও এনে মৰমীয়াল ঘাই গিৰীহঁতৰ উছৰ্গাত নেওচা যাবলৈ পাই যেন ইপাহে সিপাহৰ গাত ঢলি ঢলি পৰি আনন্দ জনাইছে; মলয়াৰ বোকোচাত এবাৰ ওপৰলৈ উঠি এবাৰ তললৈ নামি ধেমালিতে উত্ৰাৱল হৈছে;—আৰু, সেই উলহমালহতে যেন তেওঁবিলাকৰ জগত মোহিনী হাঁহিৰ পোহৰে প্ৰকৃতি ৰাণীৰ গাতো জেউতি চৰাইছে। মৌ-পিয়া, টুনী, বুলবুলী, ফেঁচুলুকা, সখিয়তী আদি কৰি নানা বৰণৰ ৰঙিয়াল চৰাইবিলাকে আৰু, ধেমেলীয়া টটাটিঙা কলীয়া ভোমোবাই ফুল- কুৱঁৰী সকলৰ সেই আলহ-উদ্গত মন বান্ধিব নোৱাৰি চিলা থপিয়াদি থপিয়াই সুখৰ এভাগ এভাগ কাঢ়ি লৈ দুৰৈলৈ পলাইছে। তাতে যেন ফুলৰাণী সকলে মুখ আমোলাই চকু টুলটুলীয়া কৰি মূৰে জোকাৰি পিছ ফালৰ পৰা অতি কোমল লে-নীয়া মাতেৰে ‘বা—বু'— বুলি আগলৈ হুমিয়াই থৈছে। কিন্তু সেই হুমিয়নিও যেন ৰহস্যৰ হে, বেজাৰৰ নহয়। যেনিয়ে চাই পঠিয়াওঁ দেখিবলৈ পাওঁ—ৰঙ, আনন্দ আৰু, উলাহহে মাথোন; কেনিও যেন আমন-জিমন্, দুখ-বেজাৰৰ গোন্ধভাঁপেই নাই। বতৰোঁ সদায় ফৰকাল। ৰ'দালীয়েও নেৰানেপেৰাকৈ পথিবী খনিক ৰহনাই আছে। (কেতিয়াবা কেনেবাকৈ) ছেগাচোৰৰকাকৈ ডাৱৰে শূইন আকাশত একোবাৰ গোটপিট খায়,হঠাৎ গিৰগিৰ কৰে এজোলোকা বৰষুণ পেলায়; কিন্তু ততালিকে আকৌ নাইকিয়া হয়।

  এনে ৰাঙঢালী চ'ত মহীয়া এদিন ভৰদুপৰীয়া মোক দহ-মাহ-দহ-দিন-গৰ্ভত- ধাৰণ-কৰা মৰমৰ আয়ে লৰালুৰিৰ পেঁ-পেঁ-জেঁ-জেঁ আৰ, ঘৰুৱা আলৈ-আহু-