এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
[ ১৬ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
এহি বুলি তেহোঁ গৃহক আসিলা
তীৰ্থে যাইবো বুলি পাছে।
গৃহ কৰ্ম্ম যত কৰিয়া গৃহত
কয় দিন মান আছে॥১৬॥
—টেম্বুৱানি ত্যাগ—
সেহি সময়ত টেম্বুৱানি বন্ধ।
আসামে মাৰিয়া নিল।
ধূঞাহাট নাম (১) আছে দিব্য স্থান
তহিতে নিয়া ৰাখিল॥ ১৭॥
কৰি বাৰীঘৰ লোক নিৰন্তৰ
ধূঞাহাট থানে বৈলা।
ধূঞাহাট হন্তে মাধৱো সিবেলা
পুনু বাণ্ডুকাক গৈলা॥ ১৮॥
—গয়পাণি-শঙ্কৰ মিলন—
সেহি সময়ত শঙ্কৰদেৱক
গয়পাণি লাগ পাইলা। (২)
কোঠেৰ তুমি বুলিয়া তাহান্ত
শঙ্কৰ দেৱে পুছিলা॥ ১৯॥
তেহে কহিলন্ত হোঙ্কোৰা-কুঞ্ছীয়া
গিৰিৰ আমি তনয়।
(১) ব্ৰহ্মপুত্ৰৰ এটা সূতিৰ নাম-ধূৱালোৰ বা ধূৱাসূতি। মাজুলিত বৰ্ত্তমান আহতগুৰিৰ ওচৰত। (২) গয়পাণি—এওঁৰ অন্য নাম ৰামদাস। হোকোৰা কুছিত আছিল কাৰণে তেওঁক হোকোৰাকুছীয়া ও বোলে।