এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চচত্বাৰিংশ অধ্যায়
-বৰপেটা গমন-
বৰপেটা থানে আছে ৰঙ্গমনে
শঙ্কৰ দেৱ সর্ব্বথা।
হৰিষে মনত ভকত সবত
কহন্ত কৃষ্ণৰ কথা ॥১॥
হালধীয়া হন্তে নাৰাণ ঠাকুৰ
প্ৰমুখ্যে ভকত যত।
শঙ্কৰ দেৱক দেখিবাক প্ৰতি
আসিয়া আছ সমস্ত ॥২॥
-ভৱানীপুৰীয়া গােপাল আতা-
আষাঢ় মাহত কৃষ্ণ কথা যত
শঙ্কৰদেৱে কহন্ত।
সমস্তে ভকত হৰিষে মনত
অমৃত যেন পীৱন্ত ॥৩৷৷
পাছে এক দিনা শঙ্কৰে বোলন্ত
শুনিয়ো ভকত যত।
কোনে পাৰা আম পাৰিয়ােক, ৰাম
বুলিয়ো আন ভকত ॥৪৷৷