এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
[ ২০ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
সত্যে সত্যে যিটো জনে হৰিৰ নামক নিন্দৈ
সেহি জন পাতকী অত্যন্ত॥১৯॥
—পাতকীৰ দান অগ্ৰাহ্য—
শুনিয়া শঙ্কৰদেৱে সজ সজ বুলিলন্ত
পুছিলন্তি ব্ৰাহ্মণ সবত।
পাতকী জনৰ বস্তু ভোজন কৰিবে পাই
নপাই কহিয়োক স্বৰূপত॥২০॥
ব্ৰাহ্মণ সকলে শুনি উত্তৰ দিলন্ত
পাতকীৰ বস্তুক ভোজন।
কৰিবে নপাৱে জানা ভুঞ্জিলে তাহাৰ মান
পাতকী হোৱয় সিটোজন॥২১॥
—ব্ৰাহ্মণৰ পৰাভৱ—
শুনিয়া শঙ্কৰে বুঢ়া- -খাঁক মাতি পুছিলন্ত
তুমি কি পাতকী পূণ্যৱন্ত।
কহিয়োক হেন শুনি তেহোঁ কৈলা মনে গুণি
জানা মই পাতকী অত্যন্ত॥২২॥
মহাপাপ মিছা বাক প্ৰভাতৰে পৰা আক
মাতো দিন গোটে সৰ্ব্বক্ষণ।
কায়বাক্য মনে যত সিজে পাপ অবিৰত
আনো অসংখ্যাত পাপগণ॥২৩॥
ব্ৰাহ্মণ সবক চাহি শঙ্কৰে বোলন্ত বাক
আবে আতৈ সব কি কৰিবা।
বুঢ়া-খাঁ বোলে মই পাপী আৰ বস্তু সব