ইংৰাজে মোক অনুৰোধ কৰে। মই তেওঁক দিনৌ এক ঘন্টা কৰি এই পুথি ব্যাখ্যা কৰি শুনাও। তেওঁ, পুথি খনি শেহলৈকে শুনি স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে অসমীয়া ভাষাত ইমান উচ্চ ভাবৰ কিতাপ আছে বুলি তেওঁৰ ধাৰণা নাছিল। এই পুথিৰ কথাবিলাক যদিও মাধৱদেৱৰ নিজৰ কথা নহয়, তেওঁ মূল সংস্কৃত শ্লোকৰ কেৱল অসমীয়া ভাঙ্গনিহে কৰিছিল, তথাপি তাৰ প্ৰতি ফাঁঁকিয়ে, তেওঁৰ, অসমীয়া ভাষাৰ ওপৰত অসাধাৰণ প্ৰতিপত্তি আৰু অতুলনীয় ৰচনা লালিত্যৰ চিনাকী দিছে। এই নামঘোষা ৰচনা সম্বন্ধে এটি অতি সুন্দৰ প্ৰবাদ আছে। শঙ্কৰদেৱে তেওঁক এই পুথি ৰচনা কৰিবলৈ উপদেশ দিওঁতে কৈছিল যে, পুথিখনি এটা পকা বগৰিৰ নিচিনা হব লাগে। মাধৱদেৱে শঙ্কৰদেৱৰ ভাব বুজিব নোৱাৰিলোঁ বুলি কোৱাত শঙ্কৰদেৱে বুজাই কলে যে পুথিখনিৰ ওপৰ ভাগ নিচেই কোমল আৰু সোৱাদ হব লাগে কিন্তু ভিতৰ ভাগ অতি টান হব লাগে। বাস্ত- বিক মাধৱদেৱৰ নাম ঘোষাত এই পটন্তৰ অতি সুন্দৰৰূপে খাটে। মাধৱদেৱে হুনু প্ৰথমতে “মৎস্যকুৰ্ম্ম নৰসিংহ, বামন পৰশুৰাম, হলীৰাম বৰাহ শ্ৰীৰাম।” এই ঘোষাটিৰে পুথি আৰম্ভ কৰিছিল ; পিচে শঙ্কৰদেৱে “মুক্তিত নৃস্পৃহ যিতো, সেহি ভকতক নমো, ৰসময়ী মাগোহোঁ ভকতি।” এই ঘোষাটি নিজে লিখি পুথিখনি আৰম্ভ কৰি দিয়ে। মাধৱদেৱৰ নাম ঘোষাৰ দৰেই ৺গোপাল মিশ্ৰৰ ঘোষাৰত্নও অসমীয়া সাহিত্যত এখনি অমূল্য ৰত্ন। কি ভাবৰ গুৰুত্বত, কি ৰচনা লালিত্যত কোনো বিষয়তে ঘোষাৰ নাম ঘোষাতকৈ কম নহয়; ঘোষাৰ আগৰ আৰু নামঘোষা পাচৰ পুথি, এনে বিবেচনা কৰিলে, ঘোষাই নামঘোষাত কৈয়ো উচ্চ আসন পাবৰহে যোগ্য। বৈষ্ণৱধৰ্ম্মৰ তত্ব ব্যাখ্যা সম্বন্ধেও ঘোষাৰত্নৰ প্ৰণালী, নামঘোষাৰ প্ৰণালীতকৈ আৰু স্পষ্ট যেনহে লাগে। আশ্চৰ্য্যৰ
পৃষ্ঠা:ঘোষাৰত্ন.djvu/২০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১্
![](http://upload.wikimedia.org/wikipedia/commons/thumb/0/03/%E0%A6%98%E0%A7%8B%E0%A6%B7%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8.djvu/page20-1024px-%E0%A6%98%E0%A7%8B%E0%A6%B7%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8.djvu.jpg)