পৃষ্ঠা:গুৰুচৰিত.djvu/৮৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰমানন্দ ঠাকুৰে ধৰন্ত তুলি তুলি।
নাকান্দিবা আই তুমি সুস্থ হোৱা বুলি॥ ৩৯৩২
শোক পৰিহৰা আই থিৰ কৰা চিত।
বিস্তৰ ক্ৰন্দনে মৃতকৰ নহে হিত॥
নাকান্দিয়া ৰহিলা পুত্ৰৰ শুনি বাণী।
এহিমতে শোকে দুখে থাকিলা গোসানী॥ ৩৯৩৩
অনন্তৰে আসিয়া দশাৰ দিন ভৈলা।
গুৰুক মাতিয়া পাচে ঠাকুৰে আনিলা॥
মাধৱ দেৱতা ভক্ত সমে আসিলন্ত।
আসিল গ্ৰামবাসী লোক অপৰ্য্যন্ত॥ ৩৯৩৪
ৰামৰামে বুলিলন্ত ঠাকুৰক চাই।
আঙ্গুলিৰ মাজে তুমি কুশ পিন্ধা যাই॥
হেন শুনি ৰমানন্দে কুশ লৈলা হাতে।
শ্ৰাদ্ধ কৰাইলন্ত ৰামৰাম বিধিমতে॥ ৩৯৩৫
পিণ্ড জল দিলা বিধি ব্যৱহাৰ কৰি।
আসিলন্ত ৰমানন্দে তিল কুশ ধৰি॥
কৰিলন্ত সাঙ্গ দশা বিধিৰ নিয়মে।
অনন্তৰে গৃহক গৈলন্ত ৰামৰামে॥ ৩৯৩৬
তাত পাচে হৰিনাম কীৰ্তন কৰিলা।
ব্ৰাহ্মণ সজ্জন যত সবাকে অৰ্চ্চিলা॥
গণককুচিক পাচে মাধৱেয়ো গৈলা।
মাস শুদ্ধি কৰিবাক যতৰ লৰিলা॥ ৩৯৩৭