পৃষ্ঠা:গুৰুচৰিত.djvu/৬০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৮
গুৰু-চৰিত

তিনি দিন মোৰ লগে কথায়ে আছন্ত।
পাইলোহো আনন্দ বৰ বিশিষ্ট মহন্ত ॥২৭৩২
কথা প্ৰসঙ্গেও বৰ সন্তোষ লভিলো।
এতেকে তাহাঙ্ক আমি মহন্ত বুলিলো॥
দেখিলো ভকত বৰ উত্তম মনুষ্য।
ভৈলোহো অধীন মোক কৰিলেক বশ্য॥ ২৭৩৩
তাঙ্ক সম ভাগ্যৱন্ত লোক আন নাই।
স্বৰ্গ যেন পাইলো হাত মেলি তাঙ্ক পাই॥
পৰম চতুৰ নাৰায়ণ মহাজন।
দৰশনে লোকৰ পাতেক কৰে ছন্ন ॥২৭৩৪
তাৰু লগ পায়া আমি ভৈলো কৃতকৃত্য।
দেখিলাতে চিনিলো কৃষ্ণৰ নিজভৃত্য॥
পৰম মহন্ত কিনো নাৰায়ণ ভক্ত।
দৰশনে তৰে জানে তিনিয়ো জগত ॥২৭৩৫
হেন মহাভক্ত জ্ঞানী ঐকান্তিক দাস।
কৰি আছে কৃষ্ণে জানো হৃদয়ত বাস॥
লোক উপকাৰী নাৰায়ণ মহাশান্ত।
জগত প্ৰসিদ্ধ হুইব ভকত মহন্ত ॥২৭৩৬
শুনিয়ো মাধৱ তুমি পণ্ডিত উত্তম।
নেদেখোহো ভক্ত আন নাৰায়ণ সম॥
জানি আছো আমি তান লগে আছে কড়ি।
এনিক্ষণে যাৱো তুমি জান পাশে লৰি॥২৭৩৭