পৃষ্ঠা:গুৰুচৰিত.djvu/৫৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪০
 
গুৰু-চৰিত

সোণাকোষ নদীৰ তীৰত বহিলন্ত।
নাৰায়ণ সমে দুয়ো একত্ৰ ভৈলন্ত॥
নাৰায়ণ দাসে কিনা বিকা কৰিলন্ত।
নাও বান্ধি সেহি ঘাটে ৰহিয়া আছন্ত॥২৫০২
প্ৰভাতে উঠিয়া ঘাটে স্নানিতে গৈলন্ত।
কাষৰত বসিয়া ভাস্কৰে চাহিলন্ত॥
পাট ফোটা পিন্ধি তেল ঘসিয়া গাৱত।
ৰূপাৰ বলয়া পিন্ধি আছয় হাতত॥২৫০৩
বাখৰুৱা আকুঠিক দেখন্তে সন্তোষ।
গৌৰাজ শৰীৰ ৰাজকুমাৰ সদৃশ॥
ভূমিৰ নিশ্চয় ফোটা পিন্ধিয়া আছন্ত।
জলত নামিয়া যাই স্নান কৰিলন্ত॥২৫০৪
সূৰ্য্যক চাহিয়া মৌনে মন্ত্ৰক জপিলা।
দক্ষিণ মুখে জলাঞ্জলিক কৰিলা॥
ভাস্কৰে জলত নামি স্নান কৰিলন্ত।
কৃষ্ণ বুলি বুৰ দিয়া শীঘ্ৰে উঠিলন্ত॥২৫০৫
স্নান কৰি ভাস্কৰে চাহিচা মন তুষ্টি।
নাৰায়ণো আসিলা জলৰ পৰা উঠি॥
ব্ৰাহ্মণৰ থান দেখি নৱগুণ নাই।
শূদ্ৰ হেন মনে গুণি বুলিলা দুনাই॥২৫০৬
কিবা নাম তুমি কোন গ্ৰামত থাকিয়ো।
কিবা জপিলাহা তুমি নিশ্চয় কহিয়ো॥