যায়ো নিৰুপম।
উদ্ধৱ উত্তম॥
চিত্ত নোহে থিৰ।
দিয়া ঝৰে নিৰ॥
প্ৰেমত কান্দন্ত।
প্ৰবোধ বোলন্ত॥
হিয়ে মোক দেখি।
ভ্ৰমিয়োক সখি॥
শুনি অনুক্ষণ।
নচলে চৰণ॥
মাথে বান্ধি আনি।
যান্ত মহামানী॥
হুয়া বুজি কাজ।
ৰইলা যদুৰাজ॥
জ্ঞাতি লিখিল।
জলত স্নানিল॥
বাৰুণী পিয়াইল।
মাদুৰি হনাইল॥
যত যদুগণ।
মিলিল মৰণ॥