পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গুণ-মালা

জগত নিখিল
বিস্ময় মিলিল
কেনে মাটি খাইলি
চৱা বেন্তে বুলি
সকলে জগত
হৰিক মনত
বোলন্ত বিস্ময়
মানুষ্য নোহয়
কেশৱে কুপিলা
ভাণ্ডাকো ভাঙ্গিলা
বাৰি লৈলা কৰে
নামি উড়লৰে
যশোদা খেদন্ত
কান্দন্ত কাম্পন্ত
কৰে ধৰি আনি
বান্ধি চক্ৰপাশি
উড়ল ঘসাই
উভাৰি পেহলাই
দুই দেৱৰৰ
কৰিয়া কাতৰ

   

গৰ্ভত দেখিল৷
যশোদা ডৰিল॥
সুধিলা গুৱালী৷
বাইলা বনমালী॥
দেখন্ত গৰ্ভত৷
স্মৰন্ত ডৰত৷৷
মোহোৰ তনয়৷
ঈশ্বৰ নিশ্চয়॥
ধৰি পটাশীলা৷
যশোদা দেখিলা॥
দেখি দামোদৰে৷
লব দিলা ডৰে॥
ভয়ে ভগৱন্ত৷
বাৰি এৰিলন্ত।
উড়ুখলে টানি৷
চলি গৈলা ৰাণী॥
বৃক্ষত ভেজাই।
ৰঙ্গে আছা চাই॥
দিব্য ৰূপধৰ।
চলি গৈলা ঘৰ॥