আকৌ ক’লে যে বন্ধুজন তেওঁৰ বয়সৰে। তেওঁৰ অৱস্থা বেয়া। কিন্তু প্ৰতিবাৰ ধন্যবাদ জ্ঞাপন দিৱসৰ দিনা তেওঁ ষ্টাফীক ঘৰলৈ মাতি লৈ গৈ এসাজ খুৱায়। আজিও তাৰ ব্যতিক্ৰম ঘটা নাই।
কিন্তু হঠাৎ যেন কি হ’ল? ষ্টাফী পিট তেওঁ বহা চকীখনত ঢলি পৰিল। লগে লগে কেইজনমানে মূৰত পানী ঢালিলে। এজনে বিচিবলৈ ধৰিলে। ষ্টাফীয়ে ফোপাবলৈ ধৰিলে। কেইজনমানে লৰালৰিকৈ চিকিৎসালয়লৈ গৈ এম্বুলেঞ্চ এখন লৈ আহিল। এম্বুলেঞ্চৰ কোমল গাদীত ওফন্দি উঠা পেট এটা শুৱাই দিয়া হ’ল আৰু ষ্টাফী পিট নিস্প্ৰাণ শিলৰ দৰে এম্বুলেঞ্চৰে চিকিৎসালয়লৈ স্থানান্তৰিত হ’ল।
চিকিৎসালয়ৰ চিকিৎসক সকলে লগে লগেই ষ্টাফীৰ বেমাৰটোনো কি ধৰিব নোৱাৰিলে। কিন্তু ওফন্দি উঠা পেটটো হেচুকি হেচুকি কিছু সময় পাচত এটা সিদ্ধান্তত উপনীত হ’ল— এপেণ্ডিচাইটিচ্। কোমল বয়সীয়া নাৰ্চ এজনী উধাতু খাই ডেকা চিকিৎসক এজনৰ কাষ পালেহি আৰু ক’লে, “চাৰ কি কৰা যায়?”
“সোজনী,ৰবৰ সময় নাই। Clear case of appendicitis ষ্ট্ৰেচাৰ ৰেডি কৰা আৰু তেওঁক অপাৰেচন কোঠালৈ লৈ ব’লা!”
নীৰব আৰু উৎকণ্ঠাজনক পৰিবেশত ষ্টাকী পিটৰ পেটৰ ওপৰত অপাৰেচন চলিল। এই অপাৰেচনৰ কৃতকাৰ্য্যতাৰ ওপৰতেই যেন নিৰ্ভৰ কৰিছে ডেকা চিকিৎসক আৰু নাৰ্চ গৰাকীৰ মিলন।
থিক এইখিনি সময়তেই আন এখন এম্বুলেঞ্চ আন এজন আদহীয়া মানুহক চিকিৎসালয় লৈ লৈ আহিল। তেওঁৰো মাতবোল নাই। মানুহজন কোন চিকিৎসক সকলে চিনি নাপালে। কিন্তু আমি পাইছো। তেওঁ ষ্টাফী পিটৰ বন্ধুজন। তেওঁৰ বেমাৰটোও চিকিৎসকসকলে ধৰিব নোৱাৰিলে কিন্তু আমি ধৰিব পাৰিছো অনাহাৰ।